এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
জ্ঞান-মালিনী
(ঢ)
মউ-পুখুৰীত ফুৰে ধেমালিত,
যোৰে যোৰে হাঁহ চৰি;
অতি মৰমৰ ভেঁট পদুমৰ
ঠাৰি পাহ পাহ কৰি।
(ণ)
(এনে ময়াছল!) দেখোঁতে দীঘল
যদিস্যাতো এই বাট;
কিন্তু দৰাচলে জুখি-মাখি চালে,
নোহে দুখোজৰো বাট!!
[ বাওঁ-বাট ]
(পাপৰ)
(ক)
আহা! কি চিকণ, —কেনে বিতোপণ,
ৰঙা সেন্দুৰিয়া আলি;
অতি ফৰকাল, নিকা চাৰি ফাল,
নাই বোকা ধূলি বালি।
(খ)
দুয়ো পাৰে তাৰ, কত পৰকাৰ
থিয়ৈ আছে শাৰী শাৰী
কৰি জকমক্ মুহি ভুবনক,—
নানা ফুলনিৰ বাৰী।