সমললৈ যাওক

পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জ্ঞান-মালিনী
 
(ঙ)

পালে মানে গম,  কালান্তক ষম।
  একে চাবে আহি ধৰে;
চাৰি পিনে বেৰি,  ওপৰতে পৰি
  ক্ষণে নেফানেফ্, কৰে।

(চ)

কত মবা দেহ,  নাই কোনো শেহ
  আছে ঠায়ে ঠায়ে পৰি!
কাউৰী, শগুনে  খায়, ঘনে ঘনে,
  অজোৰা-পিজোৰা কৰি!!

(ছ)

সেই কাঠনিৰ,—  সেই জাৰণিৰ
  মাজে মাজে এই বাট;
কত আপদৰ,— কত বিপদৰ,
  খোজে পতি ভয় তাত!

(জ)

ইবোৰৰো পাছে,  মূৰকতে আছে,
  এটি জইমূনি খাল!—
তাতে এডুখৰি,  সাঁকো আছে পৰি,
  পচা মদাৰৰ ঠাল!

(ঝ)

কোনো লোকে যদি, সেই সাঁকোয়েদি,
  ৰাখি শৰীৰৰ ভাৰ,