পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
জ্ঞান-মালিনী
 



এই যে জীৱন-ফুল, পদুমৰ দবে,
দেহা-পুখুৰীত থাকে, টল্, বল্, কৰে;
‘কাল’-পচোৱা যে আহি কৰে থান থান,—
ডেকাহ'তে সিকথাত দিছে আওকাণ।
খাই-বই সুখে থকা ধৰমকে ধৰি,—
বেদ-কোৰাণৰো কথা উপ্ লুঙা কৰি,
টিলিকিতে উৰাইছে যত পুণ্য-পাপ,
ইতিকিঙ—উলাহতে মাৰি তিনি জাপ।


১৪
হেৰা! হেৰা! টপ্ টলৌ ডেকালৰাহ’ত!

অলপতে কিয় এনে হৈছাঁ উধাৱত?
আলি-বাটে চালি ধৰি, ধিতিঙালি কৰি,
অতপালি কৰাঁ কিয়, মূৰে-ভৰি কাঢ়ি?
আজি হয় উলাহতে, সাৰ্থক জনম
ভাবিছাঁ যে, পৰস্তেহে পাবা তাৰ গম।
ডেকা-কাল পাই দিছাঁ ধন্য জীৱনক;
কিন্তু হায়! এই দখ অতি ভয়ানক!
একো কথা নোসোধাকৈ গুৰু— 'বিবেকক’
নকৰিবাঁ ইকালত, প্ৰাণ ষায়ো ষক॥
জীৱনৰ সোৱেঁ বাৱেঁ আছে দুটি বাট,
পৰিছাঁহি তোমালোক তাৰে দোমোজাত।
ওলমিছে, ভাল-বেয়া নৰ-জীৱটিৰ,
বাছনিৰ ওপৰতে সেই দুয়োটিৰ।
সেই দুবাটৰে কওঁ, শুনা বিবৰণ;—
বাছি লোৱাঁ নিজে এবে যাৰ যেনি মন।