এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
আনমালিনী
১১
আমােলা, মহৰি, অফিচ’ সামৰি
বজাৰ-বেহানি লই,
ঘৰলৈ উভতি আহিছে বাবুটি
বিতত, বিচুতি হই।
সন্ধিয়া লাগিছে, মেলানি মাগিছে,
দিনেও বাতিলৈ চাই;
ৰ'দালি নমালে, ৰান্ধনি সােমালে
লৰায়াে পাতিছে হাই!
‘দীঘলী বজাৰে গৰাকী প্রজাৰে
লাগিছে হেন্দোল দোপ;
ভেকুলী, বাদল, দেখিই গধুলি
বিচাৰি ফুৰিছে টোপ।
পােহৰৰ ববিছে, আখাটি যৰিছে,
বােৱাৰী জীয়াৰী হতে,
কুটনি-বাছনি লাঙনি-পাচনি,
কবিছে আপনামতে।
লৰাই ধৰিছে, আমনি কবিছে,
“থিতাতাে লাগে ঔ ভাত।”