পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(ডিবৰু নৈৰ দাঁতিত)
মুনিচুনি বেলি
এজুম গা-ঘেলাই ফুৰা ডেকা লবাৰ ৰেহ-ৰূপ বৰ্ণনা
আৰু
নৰ-জীৱনৰ দুটি বাট
(উপদেশ)

গধুলি হইছে   মলয়া বইছে,
  বেলিটি গইছে বুৰি;
সোণালী বৰণে,  পৰি হাবি বনে
  চমকে পৃথিবী যুৰি।


ৰাঙলী ছবিটি    বুকুৰে সাবটি
  নাচিছে ডিবৰু নই;
জপনা জাপিছে,  বখীয়া চাপিছে,
  দমবা দামুবি লই।


চৰাই-চৃকতি   আহিছে উলটি,
  আপোনা বাহলৈ উৰি,
হালোৱা, হজুৱা,   কানীয়া, ভঙ্গুৱা
  টোকোবা-পজালৈ ঘূৰি।