পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
১৭
 

নাই নাই ইপুৰীত আলৈ-আহুকাল,
দিবলৈকো নেলাগে যে কাকো পোহ-পাল।
উৰুমি ও হাই, দ্বন্দ, কন্দা-কটা, ৰণ,
নাই হাবাথুৰি, নাই চিন্তা—ধন ধন।
নাই ধনী চহকীৰ ভেম অহঙ্কাৰ,
দুখীয়া ও নিচলাৰ নাই হাহাকাৰ।

“নাই পাপ-চকু কিম্বা কেৰাহি চাৱন,—
নাই নাই সৰ্ব্ব-নাশী পাপ-আবাহন।
হিংসা, নিন্দা, চতুৰালি কপটালি, ভয়,
নৰিয়া-পৰিয়া নাই জয় পৰাজয়।
নাই তেনে মিতিৰৰ মিছা মিতিৰালি—
মুখেদি বৰষে মউ পেটে চতুৰালি।
মান অপমানো নাই খেনি ঘিণ গপ,
নাই সভা সমিতি বা যাগ যজ্ঞ তপ।
বৰণৰো নাই কোনো ক’লা বগা চিন,
মাথো একে-আগি ভাব, নোহে নোহে ভিন।
গূণনি চিতনি ভাব একো নাই নাই;
যদি আছে বোলোঁ মাথোঁ—ত্ৰাহি। হায়! হায়”

শ'ক ১৮১৪
২৩ ভাদ্ৰ