পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
জ্ঞান–মালিনী
 

সাৱধান! সাৱধান! দেখিলে সি লীলা,
ভোল-গই তিলেকতে হ'বি পাছে শিলা!
পাহৰিবি হাট্-বাট্ লগ-লগৰুৱা,
ততচুৰ্তি হেৰুৱাবি লাগি হুৱাদুৱা!
যিবা কথা বান্ধিছিলি আহিবৰ কালে,
সি কথাকো পাহৰিবি লীলা-ৰূপ চালে।
পাহৰিবি নৰকৰ শাস্তি ভয়ঙ্কৰ,
আৰু, সেই মন-লোভা পুৰী বৈকুণ্ঠৰ;
সি মহা প্ৰলয়-কাল, চুলি যেন সাঁকো
লীলা-ওমলাত পৰি পাহৰিবি তাকো।
সৌৱা চাহি! যত মানে তযু লগৰীয়া,
এটি এটি কবি আহি হ'লে ইপুৰীয়া।
অকলে কান্দিবি পাছে বাট-পথ ভুলি;
বেলি থাকোঁতেই বান্ধ টোপোলা-টুপলি।
যেই লীলা-ওমলাব নাই ওৰ পাব;
কোনো কালে তাৰ পবা নাই উপকাৰ।
খোজে পতি হানি দৈন্য, খোজে পতি ক্ষয়,
দেহাৰো যে লটিঘটি জানিবি নিশ্চয়।
ততালিকে সিধি কৰি আপোনাৰ কাম,
লাভে-মূলে আহিবলৈ কব উম্‌ঘাম্‌।
এবে যদি ভেবা লাগি থাক ৰঙ চাই।
ইপুৰীত কান্দিবিহি কবি-হায়! হায়!

"ইপুৰীৰ দৰে ঠাই, ক'তো নাই নাই,
যদি পুণ্য আনিব হে পাৰ কোনোবাই।
জগততো নাই ক'তো এনে শান্তি-মঠ,
যদি আহে লগে লগে পুণ্য সমৰথ।