জান-মালিনী
নিজ কৰমৰ দোষ ভবা-গুণা কৰি,
একে খনি পাটীতেহে থাকিবিহি পৰি।
সংসাৰৰ হাই দ্বন্দ, কিম্বা খোঁচাখুচি,
সকলােৰে অন্তৰৰ সমলঞ্চে গুচি,
নিজৰেহে ভাবনাত নিজে কোঁচ-খাই,
চিঞৰিবি–“ত্রাহি! ত্রাহি! আব, হায়! হায়!
“তেন্তে কিয় মিছাতেই কপটালি কৰি,
চলাইছ দিনে দিনে সি জীৱন ঘড়ী:
জানিছ যে ভাৰস্তব সেই বাৰী, ঘব,
নােহে নােহে যুগমীয়া,-মাথোঁ দুদিনৰ।
জানিছ তাে, খিলঞ্জীয়া নােহে ধৰাখন;
তথাপি যে এনে দবে মেলি দিছ মন?
এই কথা মনে মনে জানিবি থিৰাং-
প্রভু দিহা বিলাকৰ নাই টাংবাং,
যেবে সুখ-দুখ আছে,-আছে বাতি-দিন;
তহ’তে যে আছগই আলহীহে তাত,
হাটবৱা বাপে মাথোঁ বেহাবলৈ হাট!
তৰিবলৈ ইপৰীত,-ঘটিবলৈ বিত,
দুদিনৰ নিমিত্তেহে আছ পথিবীত!
এতেকে, হে! জগতৰ আধা-মৰী নৰ!
(নিতে ভয় মনলই আনি মৰণৰ,)।
অকথাতে নকটাবি,-নিনিয়াবি জীণ,
বহমলী জীৱনৰ সেই কেই দিন।
নিজ বেহা-বেপাৰত দে দে মন-প্রাণ;
কোনাে লীলা-ওমলাত নকৰিবি কাণ।
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
