পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান–মালিনী
 

 জহ কালি সাঁচিলই,
 খৰালিত খাবলই
তেৱে সেই বুধি দিলে—গুৰি পিপৰাৰ;—

 চিলনীলৈ ভয় কৰি,
 পাখি আওকালি ধৰি,
পোৱালীকে৷ ৰক্ষিবলৈ—হাঁহ-কুকুৰাৰ।

 কপৌ আৰু শালিকাক,—
 দুয়ো প্ৰেম-কালিকাক,
তেৱে চেনেহুৱা কৰি দিলে ধৰণীত।

 লেঙিঠেঙ বগলীৰ
 আকুহিটি বাদুলীৰ,
তেৱে দিলে, হেতু বজি, দুয়ো পৰাণীত।

 খিয়লীয়া ফেটীসাপ;—
 ক্ষমা কৰি তাৰো পাপ,
তেৱে দিলে মৰগীয়া মণি সমৰথ।

 তেৱে সেই ভেকোলাক—
 নিন্দে সকলোৱে যাক—
মাণিকেৰে পূৰ কৰি গুপ্ত মনোৰথ।

 যিটি প্ৰভু-ভক্তি চাই,
 মানুহেও লাজ পায়,
ভেৱে সেই মহা গুণ দিলে-কুকুৰক।