পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আন-মালিনী তেৱে কিবা কৰি মন, দিলে যত সােণধন, মাটি-তলচীয়া ঘােপ—খনি আকৰক। গ্রহ, তবা, বেলি, জোন, আছে আলাসতে পােন, তেওঁৰেহে কৃপা-জৰি টনাটনি কৰি;- লৰা-তিৰী-আই-ভাই —এই সকলােকে পাই মৰ-জগততাে নৰে আছে জীৱ ধৰি। তেওঁবেহে মহিমাৰ নাই কোনাে ও-পাব; একো খিলি পাততাে যে আছে কত চিন;- তেওঁৰেহে নাম লই, কেনে যথা-ঠব হই, যত গছনিয়ে বাই যশস্যাৰ বীণ! সকলােতে আছে তেওঁ; কিন্তু নেদেখে যে কেওঁ, ওৰণিৰে মুখ-ঢাকি থাকে ওচৰত ; সেয়ে খেপিয়ালে হায়! পাবলৈকো নাই নাই একণকো চিন-চাব, ধৰা-ওপৰত।