পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
 

 তেৱেঁ সেই কেঁচুৱাক
 গৰভতে মুখ নাক
দিয়ে মাতিবীৰ বুকে ‘জীৱ-অমিৰিত'।
 তেৱেঁঁ অত দিলে বল,
 আলাসতে-ফুৰা-কল,
চিৰিকতি বিলাকৰ পাখি এযুৰিত।
 আনি কূটা-কূটি-ঘাঁহ,
 সাজিবলৈ নিজ বাহ
তেৱেঁঁ শিকালেতাে সেই পক্ষী সকলক;
 তেৱেঁঁ সেই সজাঁ ভাঙ্গি,
 উৰিবলৈ বাহু ডাঙ্গি,
বুধি দিলে ঘিণাবলৈ পৰ-আদলক।

 তেৱেঁঁ দেখুৱালেহঁক—
 সেই আদি মানুহক,—
কি দৰে নাে মাটি কাটি বাব লাগে হাল?
 কি দৰে নাে কৰি ঘৰ,
 বুধি দিলে থাকিবৰ—
ভিনে ভিনে আপােনাৰ একো-পৰিয়াল?

 মাখি মিলি জাকেজাক,
 সাজিবলৈ মউ-চাক,
 তেৱেঁঁ সেই হাঁফলুটি,
 মিলি-জুলি সকলােটি,
গঢ়িবলৈ দেখুৱালে—উঁইপৰুৱাৰ।