পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


আনলিনী যত বস্তু জগতৰ, (দিলে মানে পটন্তৰ,) একো একো টোপা মাথোঁ ‘বিশ্ব-সাগৰৰ’! পঞ্চভূতী পােছাকৰ। ছাে-হে পিন্ধি একোধৰ, ভাৱৰীয়া হইছেহি ভৱ-নাটক!! সেই বিলাকৰ গাৰ যেই ভুতী সাজ-পাৰ, ‘কাল'-নিগনিয়ে শেহে কুটি ছিগি খায়, ভিন ভিন টোপা গুচি, নিজ গতি-গঢ় মচি, সেই ‘বিশ্ব-সাগৰ'ত ক্ৰমে মাব যায়। পাই যেনে বেলি-তাপ, ডাৱৰলৈ উৰি ভাপ, সাগবব পানী পুনঃ পৰে সাগৰত; সেই দৰে ক্ৰমে টুটি, জীৱ জন্তু সকলােটি মাব যায়, মায়াবপী ‘বিব-সাগবত'! ইবােৰৰে ৰঙ চাই, ইবােৰতে লুকুৱাই, ‘চেহেবাটি' আপােনাৰ, থাকে বাজিকৰ; জগতৰ ভাগে ভাগে, কেনি কিটো হ'ব লাগে, মহা ধিয়ানত তথা মহা কাৰিকৰ,- নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।