সমললৈ যাওক

পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
 

লীলা উমলিছে এটি ওজা কাৰিকৰ,
নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।


 কিন্তু ইমানতো মন!
 নাহি তযু পতিয়ন,
সোধ,—“কোনে সৰজিলে সেই খনিকৰ?
 তেওঁৰে নো প্ৰভু কোন?
 তেওঁৰে বা বিভু. কোন?”
—লেল্ পেল্ মিছা যুঁঁজ, পাতি তৰকৰ।


 এয়ে তাৰ উত্তৰতঃ—
 —সকলোৰে মুৰকত।
যি জনতে পৰে অন্ত,—যি জনতে শেহ,
 তেৱেঁঁ সকলোৰে বৰ,
 তেৱেঁঁ বিশ্ব-খনিকৰ,
তেওঁৰেহে গঢ় নাই,—নাই কোনো দেহ!
 তেৱেঁঁ সকলোৰে সাৰ,—
{gap}}নিৰঞ্জন নিৰাকাৰ;
তেওঁৰেহে দিহা-মতে ঘূৰে বেলি জোন।
 তেৱেঁঁ আগ, তেৱেঁঁ গুৰি—
 তেৱেঁঁ সেই স্বৰ্গপুৰী;
তেওঁ-মান জগতত আছে আৰু কোন?