পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞান-মালিনী
 

 “দেখি শুনি কাযে কামে,
 জ্ঞান আৰু বুধি নামে,
দুটি বস্তু আছে বুলি জানোঁ,—হয় হয়।”
 সেই দৰে জগতৰো,
 কিম্বা স্বৰ্গ-মৰতৰো
(নমনেও যদিস্যাত) আছে কাৰিকৰ,
নিশ্চয় নিশ্চয় এটি বিশ্ব-খনিকৰ।


নিশ্চয় নিশ্চয় তেন্তে এটি কাৰিকৰ
আছে আছে সৰজোঁতা এই ত্ৰিলোকৰ।
 মাটি-পানী-বায়ু-জুই
 প্ৰভু-জেউতিৰে চুই,
কত কি-যে চাণেকিৰে আছে গঢ়ি গঢ়ি;—
 কত নানা বৰণৰ
 কত জীৱ-জন্তু নৰ,
বালি-চাহী, কুঁজী-ডাঁহ, স্বৰ্গী অপেশ্বৰী,
 ঘোঁৰা-গাধ, বাঘ-ছাগ,
 যক্ষ, ৰক্ষ আৰু নাগ,
ধাপলুকা, মাছৰোকা, বগলী ও শেন,
 সকলোৰে আয়ু-জৰি
 আছে নিজে নিজে ধৰি;
ইচ্ছামতে টনি নিয়ে চিলাখনি হেন।
 গৰ, পহু, নৰকুল,
 গছ, লতা, পাত, ফুল,
পক্ষী, মাখি, জোঁক, পোক, হাতী ভয়ঙ্কৰ,
 কত কি-যে নিতে নিত,
 পাতি-ভাঙ্গি ধৰণীত,