পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২৪ ) হাতত দিলে। ময়াে সেই আতৰণত তৰিবৰ এনে এটি চোকা আহদি পাই এনেনাে ৰঙ পালোঁ যে তাক আৰু কৈ অত কৰিব নােৱাৰি। পাইয়েই তেওঁক সুধিলোঁ আপনি নাে কোন ? আয়ে সুধিলে মালাধাৰি কোনে দিছে বুলি কম ? তেওঁ মােৰ কথা বাৰি শুনি মিচিকিয়া হাঁহি এটি মাৰি কলে “পােনা। মােৰ নাম ‘জ্ঞান'; বাগিচা খনিৰ নাম হাফেজ-নগৰ, আৰু এই ফুলনিৰ নাম হাফেজ-ফলনি—আৰ, এই ফলনি খনিৰে মই মালিনী। সেই দেখি মােক প্রায় সকলােয়ে ‘জ্ঞান-মালিনী' বুলি মাতে। এই মালাধাৰি মাথােন তলসৰা আৰ, এৰা-বােটলা ফলেৰেহে গাঁথিছিলোঁ, বৰ ভাল হােৱা নাই; কিন্তু কি কৰিম, তুমি যে অসময়ত আহিলা। বাৰ হব নােৱাৰিছে, যােৱাচোন তাকে দিয়াগৈ।। মাই সেই ধাৰি ভেটি পানেও, অন্তত ভাল পাওক নেপাওক, তােমাক ডাবি হকি নিদিয়ে আব নেমাৰে।” তেনেকুৱাত মই কলো “আপনি যাবলৈ দিছে হয়, পাছে মই এতিয়া যাও কেনেকৈ? কোন পিনে, কেনেকৈ, কেনি আহিলোঁ একণাে মনত নাই; সমলি পাহৰিলোঁ।” তেওঁ উত্তৰ দিলে “বাৰু, একো ভয় নাই। চাওঁ, তুমি এখন্তেক চকু মুদা চোন। এনে বােলাত ময়াে চকু মুদিলোঁ, আব, সেই দৰেই খন্তেক মান নিটাল মাৰি মনে মনে আছে, তাৰ পিছত তেওঁ ‘মেলা’ বুলি কোৱাত মই চকু মেলি চাই দেখোঁ, ঠিক আইৰ ওচৰতে! আগৰ ঠাইত তেওঁক সেই দৰেই সেই ভাৱে বহি-থকা দেখা পাইছোঁহি। কেনেকৈননা উভতি আহিলো, আৰ, কিহেনাে মােক আনি আকৌ ঘৰ পােৱালেহি, সেই বিলাকৰ একোকে ভূভটং নেপালোঁ। আইক দেখা পাইয়েই মই ততাতৈয়াকৈ ফোঁপাই জোপাই আগবাঢ়ি গৈ মালাধাৰি দিলোঁ; তেয়াে হাত মেলি ললে, কিন্তু কথা শুনাৰ বাবে আগৰ যি কুষাৰি আছিল সি গল নে নাই যােৱা তাকে তৰকিবৰ মনেৰে মই দুবক মাবি আইৰ মুখৰ ফালে চাই থিয়হৈ আছে, এনেতে চক, মক, কৰে সাৰ পালোঁ। মালাধাবি পাই ভালেই পালেনে বেয়াই পালে তাক বুজা আৰু এই দুর্ক পলীয়াব ভাগ্যত ঘটি নুঠিল। | পঢ়রাই সকল! আপােনালােকে মােৰ এই বাৰ-হতীয়া পাতনি ডােখৰ পঢ়ি নিজৰ বহমলীয়া সময় ফেবা অনাহকত আধানাজি হােৱাৰ বাবে উচৈত-বা-বলাই মােক যে নথৈ বিতণ্ডা কৰিছে তাত এই নিছােব এখদমানাে খুকুৰি নাই। কিন্তু কৰিম কি : দোষ কৰা যে মানুহৰ স্বভাব। গতিকে সেই স্বভাবৰ দোষে এফেৰি মােকো চলেহি। কিন্তু মােৰ এতিয়া আপােনালােকৰ ওচৰত এই ফেবাই খাটনি যেন আপােনালােকে আকৌ ঢৌটোকে ৰোটো নকৰি, সকলাে দায় জগৰ এৰি, এই নিছলাৰ ফালে মাথােন-এবাৰি মান কেৰাহিকৈ চাই পঠিয়াই। চালেই, মই ৰঙত উত্ৰাৱল হৈ আপােনালােকৰ গুণ গাই গাই সেই ঘাই গৰাকীৰ