পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২২ ] সেই বোৰ উপলঙা কথা এতিয়া এৰা যাওক। মুঠতে কওঁ-নৈ খনি হেলাৰঙে পাৰ হলো। পাৰ হৈয়ে সিপাৰে দেখিলোঁ—এখনি মোলনাইকিয়া স্বৰ্গপৰী যেন সন্দৰ নগৰ; হেজাৰ হেজাৰ যোজন বিয়পি গোটেই সিপাৰ যুৰি আছে। নগৰ খনিৰ ভিতৰত ইমান আলি, ইমান গলি, ইমান বজাৰ যে কলি- ৰজাৰ ৰাজ নগৰ কলিকতাৰ আলিৰ সংখ্যাও ইয়াৰ মানত একোকে নহয়। আলিৰ দুই কাষে শাৰীয়ে শাৰীয়ে বহুমলীয়া শিলেৰে বন্ধোৱা ৰংঘৰ, কাৰেংঘৰ, তলাতলি ঘৰ। প্ৰতি ঘৰৰ চালে-বাৰে অতি ধুনীয়া ধুনীয়া নক্সা বিলাক; দেখিলেই হিয়া মন চেচা লাগি আহে। এই নগৰৰ চাৰিও কাষে এনেননা শুৱনি শুৱনি বাগিছা বিলাক যে, তাত ভৰি দিয়া মাত্ৰকে অতি নিৰস মানুহৰ মনতো ৰহস্য ৰসৰ ধল উঠে,-কাঠকঠৱাৰ বুকুও নিচেই কোমল আৰ, লেতুসেতু হৈ পৰে। যি মোছলমান বাদশ্যাহ আৰু, নবাব সকলৰ ‘দেল-কোছা’, ‘দেল-আৰাম’ ইত্যাদি নামৰ বাগিচা বিলাকৰ কথা শুনি বিলাতৰ ৰাজাধিৰাজ সকলেও অবাক হৈ পৰি মছকছ গৈছিল, তেনে বিলাক বাগিচাও ৰিজালে ইয়াৰ আগত সমলি চেৰ পৰে। সেই বাগিচা বিলাকৰ মাজে মাজে একোখনি ফুলনি। ফুলনিৰ মাজত নানা বৰণৰ ফল, জকমক কৰে হাঁহি হাঁহি ৰপৰ জেউতিৰে গোটেই নগৰ পোহৰাই আছে। পাচ’-পোৱা মানুহ বিলাকে জমে জমে নৈ পাৰ হৈ আহি এই স্বৰ্গপী যেন নগৰ খনি ভৰি পৰিছেহি। ময় নৈ-দাতিৰ পৰা এখোজি দুখোজিকৈ আহি নগৰ সোমালোঁহি। নগৰত ইমান মানুহ, দেখিয়েই মই বিচুতি খাই মৰে কপালে হাত দিলো। অৰ্থাৎ এই পাৰেও যে ইমান মানুহ আছে তাক আগৈয়ে মই ভবাই নাছিলোঁ। যি কি নহওক আচহুৱা ঠাই দেখি পুল-পালাকৈ চাই চাই এখোজি দুখোজিকৈ নগৰৰ ভিতব সোমাইছোঁ; মনত কিন্তু ভয়ো লাগিছে, ৰঙো লাগিছে। কিছু দূৰ গৈ দেখিছোঁ—মানুহ- বিলাকে কাকো কেৱে নমতাকৈ গাই-পতি একোখনি বাগিচাত আপোনা আপনি সোমাই পৰিছেগৈ। সোমায়েই দেখিছোঁ, তাৰ মাজত এখনি এনে নো ধনীয়া ফুলনি বাৰী যে সেই খনিৰ দৰে ফুলনি আৰু কৰবাত আছে বুলি মোৰ মনে পতিয়াবই নোখোজে। মাজতে এটি মউ-পুখুৰি। পৰি যৰি সোণৰ পদম আৰ, মাণিকৰ পাৰিজাতে জকমক কৰে ফুলি আছে, দেখিয়েই জীৱন সাৰ্থক যেন মনত লাগিল। ফলৰ মাজে মাজে ৰাজহাঁহ বিলাকে ধেমালি কৰি কৰি এবাৰ বৰ মাৰি পদুমৰ শিপা এডালিকে তুলি আনিছে, এবাৰ মুকুতাৰপী শেলকে এটিকে আনিছে, এনে দৰে উমলি উমলি চৰি ফুৰিছে। এই বিলাক চাই গোটেই পুখুৰিটি আকৌ এবাৰ হেপাহ পলুৱাই চাবৰ মন কৰি চাৰিওফালে চকু ফুৰাইছোঁ, এনেতে হঠাৎ দেখিলোঁ পুখুৰিৰ উত্তৰ পাৰত এখনি সোণালি বৰণৰ