[ ২১ ]
সিপিনে চাই ফুৰিছোঁ, এনেতে হঠাৎ দেখিলোঁ নৈ পাৰ হবলৈ অহা মানুহ বিলাকৰ
মাজত মোৰ পঢ়াশলীয়া বন্ধু শ্ৰীবাছালাল বৰুৱা। দেখিলোঁ তেওঁৰো হাতত
এখনি তলখাপৰ শস্তীয়া ‘পাচ'। যি কি নহওক, তেওঁক লগ পাই মোৰ সেই
হেৰুৱা বন্ধজনক লগ পালোঁ যেন মনত লাগিল। ভগা বুকু আকৌ যোৰা
খালে;—হিয়া-আমঠু, চাৰি আঙুল ডাঠ হৈ পৰিল। তেওঁ মোক দেখিয়েই মিচিক
কৰেহাঁহিটি মাৰি “এ-এ-ভাই! তুমি কি কৰিছাঁ ইয়াত? আহাঁ, সিপাৰলৈ যাওঁ,
আহাঁ?"—বুলি হাতত ধৰি লৈ গল। ময়ো আৰু, হোঁ হেকো একোকে নকৰাকৈ,
যেনিয়ে জোল যায় তেনিয়ে পাচলি যোৱাৰ দৰে লগে লগে যাবলৈ ধৰিলোঁ।
কিছু দূৰ গৈ সেই নৈ-পাৰ-হোৱা ঘাটটো পালোঁগৈ। এনেতে মাৰ-নাও আহি
কাষ চাপিল। যাত্ৰীবিলাকেও ততালিকে লাফ মাৰি মাৰি ওপৰত উঠিল। লগে
লগে বান্ধৱেও উঠিল, দেখাদেখি ময়ো উঠিলোঁ। তিতকালে ঘাটে আহি 'পাচ্
চাওঁ পাচ্, চাওঁ বুলি যাত্ৰী সকলৰ হাতৰ পৰা 'পাচ্' বিলাক লৈ লৈ পৰীখ
কৰি কৰি চাবলৈ ধৰিলে। দেখিয়েই মোৰ চুলি আগে জীৱ গল! শেহত বাছালালক
আহি খোজাত, তেওঁ সেই শস্তীয়া ‘পাচ' ডোখৰিকে তৰঙাই যাত্ৰাত কোনো মতে
ৰক্ষা পালে। কিন্তু মোক যেতিয়া আহি খুজিলেহি মই কি উত্তৰ দিম ভাবি
একোকে ঠিক কৰিব নোৱাৰি মোৰ গা থৰকবৰক কৰিবলৈ ধৰিল। অলপ পৰ
মনে মনে থাকি শেহত আপোনা-আপনি সচা উত্তৰটি ঘপৰাই ওলাই পৰিল-
‘পাচ্ নামে মোৰ হ'লে এখনিও নাই। ' উত্তৰ শুনা মাত্ৰকে ঘাটৈয়ে আঙুলিঠাৰে
মোক মাটিৰ ফাললৈ নামি যাবলৈ কলে। অৰ্থাৎ ঠাৰেচিয়াৰে বুজালে যে-
ফটাছিটাই হওক, যেই সেই এডোখৰ 'পাচ্’ নহলে ইয়াত উঠিবলৈ কাৰৰ সাধ্য
নাই। কি কৰিম? দেখিয়েই মই ঠোত-মুখ চেলেকি নামি আহিলোঁ। নাও
মেলি দিলে, যাত্ৰী সকলেও নৈ পাৰ হল;-লগে লগে সেই মোৰ পঢ়াশলীয়া
বন্ধু, জনো পাৰ হল। মই আমন-জিমনকৈ টুলটুলীয়া চকুৰে তেওঁবিলাকৰ
ফাললৈ অ-কৰি মুখ মেলি চাই থাকিলোঁ; তাতে বৰ মৰম লাগি যাবৰ সময়ত
চিঞৰ মাৰি তেওঁ নাৱৰ ওপৰৰ পৰা কৈ গ'লে “হেৰা! সৌৱা যে দূৰৈত
চেচে'ৰা পানী দেখিছাঁ সেই পিনেই খোজ কাঢ়ি পাৰ হৈ আহাঁ। —একো ভয়
নাই। ” ময়ো তেওঁৰ কথা ষাৰি সাৰোগতকৈ লৈ হেলাৰঙে নৈ খন পাৰ হলোঁ।
পানী সৰহ নাছিল, মাথোন কলাফলৰ তল আৰু, ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকেহে
হৈছিল। কোনো লেঠা-পিঠা কিম্বা বিপদ আপদত পৰি জলাকলা হবলৈও নহল,
অতি সুকলমে পাৰ হলোঁ। লেঠাতে পৰোঁ ছাবি, গোটাচেৰেক ড'ৰিকণা মাছে
আহি মোৰ সৰু গাঁঠিৰে সৈতে সখি পতাই মুখতে মুখ লগাই কিবা এখনি
ফুচফুচীয়া বিয়নীমেলহে পাতিছিলেহি (খুটিছিলেহি)।