পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২০ ] পাৰিলে প্ৰথমেই তাকেহে উলিয়াবৰ চেষ্টা কৰে কিয়? তেনে কৰাৰ বাবে যদি আপোনালোেক জগৰীয়া নহয়, তেন্তে মই নো অকলে কেনেকৈ হ'ম? | যাওক। সেই চাহেব বিলাকৰ পহাৰত দেখিছোঁ কি?-নে, এবিধ চাৰি চুকীয়াকৈ কটা সৰ, ডাঙৰ, মজলীয়া তাঁচ বা ‘টিকেট'। তাঁচ বিলাক একে-আগি নহয়—নানান ৰঙেৰে ভমকা-ফলীয়াকৈ বোলোৱা। সেই প্ৰত্যেক খনিৰ পিঠিত গোটাচেবেক কলীয়া আখৰৰ চাপ। তাকে, ভাগে ভাগে, ভিনে ভিনে, থাক লগাই, সজাই থৈছে। সেই বোবকে দেখি গবাকীৰ উথপথপ লাগিছে। সেই উথপথপেই পাছত হেটাওপৰা আৰ, দবদববিৰ ভাৱত পৈনত হৈ উঠিছেগৈ। হেটাওপৰাৰ মাজত থপিয়াথপিকৈ সেই তাচ বা টিকেটৰ কোনোৱে এখনি পাইছে, কোনোৱে বা তিনিখনি পাইছে, কোনোৱে আকৌ এখনিকো নাই। গৰাকী বিলাকৰ মাজৰ যিয়ে যিহকে পাইছে সি তাকে লৈ মেলাৰ উত্তৰ ফাললৈ জুমাজমে যাবলৈ ধৰিছে; দেখিলেই হঠাৎ মনে ধৰে যেন ব্ৰহ্মপুত্ৰ নৈত ধলহে উঠিছে। এই বোৰ দেখি, তাৰ একোকে ভু-ভটং নেপাই মই মোৰ লগৰীয়া বন্ধ জনক মেলাৰ অৰ্থ আৰ, এই দলদোপহেন্দোল দোপৰ কাৰণ সুধিলোঁ। সোধাত তেওঁ বিচুতি খাই কলে, “বন্ধু! তুমি এতিয়াও এই বিলাকৰ একণকো ভু নেপালা নে? মই বোলো তুমি ভু পাইছাঁহে হবলা। বাব, তেন্তে কওঁ শুনা—এই মেলা খন যে দেখিছা ই এখনি বজাৰ। ইয়াৰ ঘাই নাম হৈছে বিশ্বপঢ়াশালি (University) সৌ চাহেব বেপাৰিৰ পহাৰত তাঁচ বিলাক যে দেখিছাঁ ই মাথোন মাৰ-নাৱৰ ওপৰত উঠি নৈ পাৰ হোৱাৰ একোটি ‘টিকেট’ বা পাচ (Pass)। পিঠিত যে সেই কলীয়া আখৰ কেইটাৰে চানেকি লগাই লগাই ফল-বছা যেন দেখিছা সি মাথোন এয়ে-ছাত্ৰবৃত্তি, এন্ট্ৰান্স; এফ, এ; বি, এ; এম, এ; এল, এম, এচ; এম, এচ, চি; এম, বি; এম, ডি; বি, এ, বি, এল; ব্যাৰিষ্টাৰ-এট-ল ইত্যাদি। সৌৱা যে উত্তৰ ফাললৈ মানুহ বিলাকক যোৱা দেখিছাঁ, সেইয়া দবদবৰিৰ মাজত যি বিলাক গৰাকীয়ে পাচ’ বেহাব পাৰিলে তেওঁবিলাকে নৈ পাৰ হ'বলৈ গৈছে। বলাচোন, চাওগৈ; আহাঁ। মোৰ পিছে পিছে খৰকৈ আহাঁ। সৌ পিনে দি ঘুৰি যাওঁ।”—এই বুলি মোৰ লগৰীয়া বন্ধজনে অতি খৰতকীয়াকৈ যাবলৈ ধৰিলে। ময়ো তেওঁৰ পিছে পিছে খোজ, ললোঁ। অলপ বেলিৰ পাছতে পাৰ- ঘাট পালোঁগৈ; কিন্তু তালৈ গৈ মোৰ এয়ে লাভ হল যে মানুহৰ গলাগোপাৰ মাজত মোৰ সেই লগৰীয়া বন্ধজনক হেৰুৱালোঁ। কি কৰিম? কলৈ যাম? কেনি আহিছিলো? হায়! হায়! এতিয়া অকলে কেনেকৈ উভতি যাম?—ইত্যাদি ভাবি চিতি বিবধি হ'লোঁ। এবাৰ মৰমৰ বধুজনৰ কথা ভাবি, এবাৰ নিজৰ অৱশ্বৰ কথা গুণি, মানুহৰ হেচ-ঠেলৰ মাজেদি পুল পালাকৈ ভয়ত ইপিনে