পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ১৭ ] . ফালৰ পৰা কোনো মতে হাত সাৰি ৰ'দ কাঁচলিত বহি এফেৰি ভাগৰ জিৰাইছে। ই তেতিয়া পাঁচ বছৰীয়া, মাটিতে লেপেটি কাঢ়ি এটি একণি মান মাকৰি ঘিলা ল তেওঁৰ ওচৰতে উমলি আছোঁ। এনেতে ককাইদেৱে (ফাইজদ্দিন আহমদে) মাৰ সৰু ভাই দুজনক (অৰ্থাৎ বদিওজ্জামাল আৰ, চাইফুদ্দিন আহমদক) লগত ল বাজৰ ফালৰ পৰা হেলাই-হেপাই আহি, “মফিজ। মফিজ! এই পিনে মাহাঁচোন চোৱাহি।—আজি হেনো দীঘলী ৰজাৰত কিবা এখন মেলা বহিছে। নিহৰ নিদিনা গোটেই বিৰ-দিও বট পাবলৈ নাই। পৰজাৰ ওপৰত পৰজা- বহানিৰ ওপৰত বেহানি, চাৰিও ফালে গোটেই দলদোপহেন্দোল দোপ। চোৱা- হচোন চোৱাঁহি-কেনে হৱাদুৱা, কেনে গলাগোপা, কেনে উখল, মাখল, কেনে চল, পাচল!”—এই বুলিয়েই তিনিওয়ে উভতি আকৌ আলিৰ ফাললৈ লৰ বিলে। এনেই বুঢ়ীনাচনী, তাতে আকৌ নাতিনীয়েকৰ বিয়া; একেই লৰাৰ নি, তাতে এনে এটি বাতৰি সি কি আৰ, থ্ৰিতে থাকিব পাৰে? শুনিয়েই ৰঙত তিনি নাচদি তেওঁবিলাকৰ পিছে পিছে মইও লৰ ধৰিলোঁ। ততাতৈয়াকৈ আয়ে পিছ ফালৰ পৰা মাত লগালে “তই নেবি, বোপাই! সিহতৰে সইতে যোতাশালী পৰি— এই খিনিৰে পৰা আৰ, কি কলে শুনিবলৈ নেপালোঁ। চেকুৰ মেলি পান ছাতেই তেওঁবিলাকৰ লগে লগে আহি হাঁহি হাঁহি, আলি ওলালোঁহি। নত ভাবিলোঁ আইৰ হাত সাৰি আহি ভাৰি বৰমতালি কৰিলোঁ। চাৰিওটি চাই ককাই বাজ আলিৰ সোঁ মাজতে থপ থালোঁহি। লৰাৰ লৰা-মেল; কিবা এটি পাতি ভাঙ্গি আলচ কৰি ততালিকে খাটাকৈ থিৰ কৰিলোঁ; লাহে লাহে খুজি দুখুজিকৈ মেলাৰ পোনলৈ আগ বাঢ়িলোঁ। কিন্তু চকু হলে তবধ লগা ভিলেঙী পহৰ দৰে মেলাৰ জুৰি খনৰ ওপৰত। অৰ্থাৎ সেই সময়ত মেলাৰ মধাম দেখি আমাৰ আবলুখা বুকুৰ সিংহাসনত আনন্দ ভয় আৰ, তবলিৰ পৰা ওপজা কিবা-জানো-কেনেবা এটা মিহলিভাৱে জুই-জাল ভমকেৰে ৰাজত্ব কৰিছিল। যি কি নহওক, কেউটিয়ে লগে ভাগে অলপ দৰে গৈছো, এনেতে হঠাৎ আমাৰ সাঁহাতৰ ফালে দেখিবলৈ পালোঁ—এটি পকিনাদ। নাদটিৰ চাৰিও কাষে এখনি ফটিকৰ জেওৰা। জমি চালে বাহিৰৰ পৰা ভিতৰলৈ কালিহি কালিহি মনিব পাৰি; কিন্তু ভালকৈ একোকে চিনিব নোৱাৰি। বদিওজ্জামালৰ (অৰ্থাৎ মোৰ পাছৰে যিজন ভাই তেওঁৰ) সেই নাদটিত চকুপৰা মাত্ৰকে পিয়াহ লাগিল; ততালিকে কাকো নোসোধাকৈ পিয়াহ পৰ কৰিবৰ নিমিত্তে কোন পিনে জানো কেনেকৈ অপনা ডাঙি জেওৰাৰ ভিতৰ সোমাল। সোমোৰাহে দেখিলোঁ; কিন্তু আকৌ তেওঁ বাজলৈ উলটি আহিল নে নাহিল তাক চাবলৈ আমি আৰু ৰৈ নেথাকিলোঁ। বা দেখা পাইছোঁ বুলি বকু ডাঠকৈ কবই নোৱাৰে। ইপিনে কিন্তু আমি