পাতনি।
(সমাজিক)
চ'ত মাহ। প্ৰকৃতি ধায়ে দুমহীয়া টোপনিৰ পৰা ৰকমক কৰে উঠি
আলাসৰ লাব, কোলাৰ কেচুবা, মৰমৰ সন্ততি, ‘পথিবীক' লাহৰী হাতেৰে
আঁকোৱালি ধৰি পুতৌ কৰিছে। খৰকালিৰ খচকনিত ঠেকুৱা ধৰি পেপুৱা
লাগি থকা পথিবীৰ-গাৰ-নোম, গছগছনি বিলাকৰ আঁহ-পাঁহ মুকলি হৈ ঠন
ধৰি ধৰি উলাহতে শিয়ৰি উঠিছে; আৰ, সেই বাবেই সিহতে যেন নিফট
মাতেৰে গুণগাই ধামাকৰ নথৈ শলাগ লৈছে। লগে লগে প্ৰকৃতিৰ ঘাই গিৰীহত
বিশ্ব-খনিকৰক অজলিয়ে অজিলিয়ে ৰঙা, বগা, সেউজীয়া, হালধীয়া নানা তৰহৰ
ফল দি হিয়া-তলি উদিয়াই যেন ভকতি জনাইছে আৰু বতাহৰ হেন্দোলনিত
নিমিষে নিমিষে যেন মৰ দোৱাঁই দোৱাই তেওঁক সেৱা কৰিছে। ফল বিলাকেও
এনে মৰমীয়াল ঘাই গিৰীহতৰ উছৰ্গত নেওচা যাবলৈ পাই যেন ইপাহে সিপাহৰ
গাত ঢলি ঢলি পৰি আনন্দ জনাইছে; মলয়াৰ বোকোচাত এবাৰ ওপৰলৈ উঠি
এবাৰ তললৈ নামি ধেমালিতে উত্ৰাৱল হৈছে;—আৰ, সেই উলহমালহতে যেন
তেওঁবিলাকৰ জগত মোহিনী হাঁহিৰ পোহৰে প্ৰকৃতি ৰাণীৰ গাতো জেউতি
চৰাইছে। মৌ-পিয়া, টুনী, বলবলী, ফেচুলকা, সখিয়তী আদি কৰি নানা
বৰণৰ ৰঙিয়াল চৰাইবিলাকে আৰ, ধেমেলীয়া টটাটিঙা কলীয়া ভোমোৰাই ফুল-
কুৱৰী সকলৰ সেই আলহ-উম্মত মন বান্ধিব নোৱাৰি চিলা থপিয়াদি থপিয়াই
সুখৰ এভাগ এভাগ কাঢ়ি লৈ দুৰৈলৈ পলাইছে। তাতে যেন ফলৰাণী সকলে
মুখ আমোলাই চকু টুলটুলীয়া কৰি মৰ জোকাৰি পিছ ফালৰ পৰা অতি কোমল
লে-নীয়া মাতেৰে ‘
বাব'—বলি আগলৈ হমিয়াই থৈছে। কিন্তু সেই হমিয়নিও
যেন ৰহস্যৰ হে, বেজাৰৰ নহয়। যেনিয়ে চাই পঠিয়াওঁ দেখিবলৈ পাওঁৰঙ,
আনন্দ আৰ, উলাহহে মাথোন; কেনিও যেন আমন-জিমন, দুখ-বেজাৰৰ
গোধভাঁপেই নাই। বতৰোঁ সদায় ফৰকাল। ৰ'দালীয়েও নেৰানেপেৰাকৈ পথিবী
খনিক ৰহনাই আছে। (কেতিয়াবা কেনেবাকৈ) ছেগাচোৰৰকাকৈ ডাৱৰে শইন
আকাশত একোবাৰ গোটপিট খায়,হঠাৎ গিৰ গিৰ কৰে এজোলোকা বৰষুণ
পেলায়; কিন্তু ততালিকে আকৌ নাইকিয়া হয়।
এনে ৰাংঢালী চ'ত মহীয়া এদিন ভৰদপৰীয়া মোক দহ-মাহ-দহ-দিন-গৰ্ভত-
ধাৰণ-কৰা মৰমৰ আয়ে লৰালৰিৰ পে-পে-জে-জে আৰু ঘৰুৱা আলৈ-আহ,
পৃষ্ঠা:জ্ঞান-মালিনী.djvu/৩২
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
