পৃষ্ঠা:জ্ঞান-মালিনী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১৩]

XIX.

From Mr. RAMAKANTA BARKAKATI, B.A., B.L, জ্ঞান-মালিনী (আগ–চোবা) শ্ৰীযুক্ত মৌলবি মফিজউদ্দিন আহ্মদ্, হাজৰিকা ভনোতা—এই পুথিখন পঢ়ি বৰ ৰং পালোঁ। ইয়াৰ ভাব দ: ভাষা সুৱলা; দৃষ্টান্ত সাৰুবা; কথা ঘৰুবা; ছন্দ মধুৰ, মনমোহা আৰু ধুনীয়া—পঢ়ি আমনি নেলাগে, পঢ়িলে পঢ়ি থাকিবৰ হে মন যায়। হাজৰিকাৰ যে মাতৃ-ভাষাত বিশেষ অধিকাৰ আছে আৰু শাস্ত্ৰত বিশেষ জ্ঞান আছে, জ্ঞান-মালিনীয়েই তাৰ ফট্ফটিয়া প্ৰমাণ। আমাৰ দৃঢ় বিশ্বাস যে তেওঁ এই লিখা অভ্যাস নেৰিলে কালক্ৰমে এজন প্ৰসিদ্ধ জাতীয় কবি হৈ উঠিব; আৰু আশা কৰোঁ জ্ঞান-মালিনী প্ৰকাশ হৈ ওলালে সকলোৱে আদৰ কৰিব আৰু শিক্ষাবিভাগৰ কৰ্তৃপক্ষ সকলৰো ইয়ালৈ সুদৃষ্টি পৰিব।

কলিকতা
১৮২৮ শক
৩০ কাতি,
(Sd.) শ্ৰীৰমাকান্ত বৰকাকতি , বি, এ. বি. এল.
RAMAKANTA BARKAKATI, B.A., B.L.
Editor, 'Jonakee'; Secretary A.I.I.
Society; Examiner. C. University;
(Late) Translator, High Court

⸻⸺