[১২]
‘জ্ঞান-মালিনী'ৰ হাতেৰে লেখা পুথি পঢ়িবলৈ পাই বৰ ৰং পালোঁ। আমাৰ ভাষাত এই বিধৰ পুথি এই খনিয়েই প্ৰথম। ইয়াৰ ভাব বিলাক যিমান গধুৰ ভাষাও সিমান ভাল। পুথি খন পঢ়ি কব নোৱাৰি যে লেখকৰ এইয়ে প্ৰথম উদ্যম। মধ্য ইংৰাজি আৰু ছাত্ৰবৃত্তি পৰীক্ষাৰ পাঠ্য হবৰ এই পুথি সম্পূৰ্ণ উপযুক্ত।
২২/১০/৯৬ |
XVIII.
From MR. KANAKLALL, BOROOAH, B.A., B.L. The retired Dy. Commr.. Ex-Director of Industries, Etc. and Ex- Minister, Assam Legislative Council :-
“জ্ঞান-মালিনী" আগৰপৰা গুৰিলৈ এবাৰ পঢ়ি চাই বৰ ভাল পালো। মালা বচকৰ কৌশল বাস্তবিকতে শলাগিব লগীয়া। কোন ধাৰি মালাত কি কি ফুল বাছি লৈ কেনে ধুনীয়াকৈ গাঁথিব লাগে তাক তেওঁ ভালকৈ জানে। এনে কাৰিকৰৰ হাতৰ বস্তুৱে যতে ততে যাৰে তাৰে পৰা আদৰ পাব তাত মোৰ অকণো সন্দেহ নাই; কবিৰ ৰচনা যেনে সুৱলা আৰু মিঠা ভাবও তেনে ওখ। নিখুত ঘৰুৱা অসমীয়া শব্দৰে যে ইমান গূঢ় ভাব বিলাক ভালকৈ প্ৰকাশ কবিৰ পাৰি তাক বোধ কৰোঁ বহুতে আগেয়ে নেভাবিছিল। দৰাচলে অসমীয়া ভাষাত সংস্কৃত শব্দৰ ইমান কম সহায় লৈ এনে ভাবপূৰ্ণ কবিতা লেখা বোধ কৰোঁ এক প্ৰকাৰ অসম্ভব। শুধ ঘৰুৱা অসমীয়া শব্দৰ ভড়াল যে তেনেকুবা বঙ্গালী শব্দৰ ভড়ালতকৈ বেছি চহকী এই পুথি এবাৰ পঢ়িলেই তাক বুজিব পাৰি। অসমীয়া পঢ়াশালিৰ ওপৰ শ্ৰেণীত চলিবলৈ যে এই পুথি সম্পূৰ্ণ উপযুক্ত তাক কোবা বাহুল্য মাথোন।
কলিকতা |