পৃষ্ঠা:জ্ঞান-মালিনী.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১১]

নিদি থাকিব নোৱাৰিলোঁ। আশা কৰোঁ, ভাষানুৰাগী স্বদেশহিতৈষী মহোদয় সকলে এই পুথিৰ একো খনি গ্ৰহণ কৰি ভবিষ্যতে তেওঁক এনে সৎকাৰ্য্যলৈ আগ বাঢ়িবলৈ উছাহ দিয়ে।


ডিব্ৰুগড়
১৯ চেপ্টেম্বৰ,
১৮৯৬
(Sd.) শ্ৰীপূৰ্ণকান্ত শৰ্মা
( হিতকথা, জ্ঞানাঙ্কুৰ, হৰিশ্চন্দ্ৰ
নাটক ইত্যাদি কিতাপ ৰচোতাঁ)

XVI.

 From MR. LAKSHMINATHA BEZBAROA, B.A.,
 Late Secretary, Assamese Language
 Improvement Society. Calcutta,
 Editor of 'Bahi' and author of several books.
 মৌলবী মফিজুদ্দিন আহ্‌মদ্ হাজৰিকা।
  প্ৰিয় মৌলবী,
 আপোনাৰ “জ্ঞান-মালিনী” হাতে লেখা পুথিখনি ওপৰে ওপৰে এবাৰ লৰালৰিকৈ চকু ফুৰালোঁ।  মুঠতে কওঁ, আপোনাৰ পুথিখনি বিতোপন হৈছে; পঢ়ি বৰ সুখী হলোঁ। এই পুথিয়ে অসমীয়া সাহিত্যক ভাব আৰু ভাষাৰে ভালেমান চহকী কৰিলে। আপোনাৰ ভাব ওখ, ভাষা ললিত, আৰু তাক প্ৰকাশ কৰিবৰ গঢ় অতি সুৱলা। কবিতা লেখিবলৈ আপুনি কাপ ধৰা সাৰ্থক হৈছে। আপোনাৰ ওচৰত মোৰ খাটনি এই ফেৰা, যেন আপুনি এই কাপ হাতৰ পৰা নেৰি, অসমীয়া সাহিত্যৰ ডিঙিত মাজে সময়ে এনেকুৱা একোধাৰ গল্পতা পিন্ধাই থাকে।
 কলিকাতা, ১৮|১০|৯৬   (Sd.) শ্ৰীলক্ষ্মীনাথ বেজবৰুৱা, বি, এ,


XVII.

 From MR. RADHANATH PHUKAN, M.A., B.L... Late Addl. Judge, Assam Valley Districts; (at present) Registrar of Co-operative societies, Etc. Assam,