পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৬৭
 

নেঠেলিবা,—নেঠেলিবা,—
 লোৱাঁ মোকো কাষৰত!

২৮

কাবউ কৰিছো মই,
 দুখনি ভৰিত পৰি;
নিছলা আতুৰ বুলি,
 নিয়া মোকো ধৰি ধৰি।

২৯

খন্তেকলৈ খেনি কৰি,
 খন্তেকলৈ অপমান,
কিয় ভাই! নাহকতে
 বিনাশিবা এটি প্ৰাণ।

৩০

এতেকেহে, লগে-ভাগে,
 নিয়া নিয়া বাহ, ধৰি;
কোনো মতে, ময়ো যাতে।
 যাব পাৰোঁ, মৰি-পৰি।

৩১

দেখোঁ—অত কাকূতিতে
 নাহিলে যে কেও হায়!
মানুহৰ পৰা তেন্তে,
 আশা আৰু নাই নাই।