এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৬৫
সাৰথিও নাই নাই
কিম্বা চাকি-বন্তি জোৰ।
নিগমে মৰিলোঁ মই,
কোন্ কেনি আছাঁহক
উধাবাঁহি আজি এই
দিনকণা অধমক।
এনে নো ধেন্দেলা মোক
বিধিয়ে কৰিলে হায়!
উহ! কি কপাল-পোৰা—
ভৰিও পিছলি যায়!
খোজে পতি ঘৰামুটি,
ঘনে টেলেঙনি খাওঁ;
‘সহায় সহায়’ কৰি।
ইপিনে সিপিনে চাওঁ!
নেপাওঁ কেনিও হায়!
এখনি সহায়-হাত;
নুশুনো কেনিও হায়!
এষাৰি শুৱলা মাত।