পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
জ্ঞান-মালিনী
 
১৪

ওখোৰা মোখোৰা বাট
 তাতে ই এন্ধাৰ ঘোৰ,
তাৰোপৰি দই কান্ধে,
 মেটমৰা বোজা মোৰ;—

১৫

খোজে পতি, উজটিত
 চুলি-আগে গৈছে জীৱ;
হায়! আগে জনা হলে,
 আজি এনে দশা কিয়?

১৬

বজাৰতে ভোল্‌ গলোঁ,
 লীলা’মলা চাই চাই;—
চাকি, তেল, শলিতা যে
 নেবেহালোঁ হায়! হায়!

১৭

এতিয়া বুৰিলে বেলি;
 হ'লেহি এন্ধাৰ ঘোপ।
লাহে লাহে ভাগিলেহি,
 গৰাকীৰৰ দল্‌দোপ্‌।

১৮

অকলে কেনেকৈ যাওঁ
 কি হব উপায় মোৰ।