পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জ্ঞান-মালিনী
৬৩
 

এষাৰি ‘আয়ৈ দেহি। ’
 আৰু এটি হুমুনিয়া;

১০

—ইয়াৰ উপৰি, আৰু,
 একোকে নেলাগে মোক;
ইয়াকে পালেই, মোৰ;
 গুচি যাব যত শোক।

১১

আমনি নকৰোঁ আৰু,
 কাকো ক'তো, হেৰা ভাই!
আহাঁ—আহাঁ!—ঘূৰি আহি,
 নিয়া মোকো আগুৱাই।

১২

আগে আগে তোমালোক,
 পিছে পিছে ময়ো যাওঁ;
তযু পোহৰৰে যেন
 এচেৰেঙা ময়ো পাওঁ।

১৩

নহলে মৰিম মই,
 আলাই-আথানি হই;
কেনিবাদি এন্ধাৰত।
 খালে বামে পৰি অই।