পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দিন-কণা


হেৰা! হেৰা! হাটৰুৱা!
 মৰমৰ ভাইহত!
নেৰিবা নেৰিবা মোক,
এই মায়া-বজাৰত।


দু'হাত যুৰিছোঁ মই
 কাবউ-কাকূতি কৰি;
অকলে নেৰিবা মোক,
 আলাই-আথানি কৰি।


তোমালোকো যোৱাঁগই;
 মোকো হেৰা! লই যোৱাঁ!—
দুখীয়া নিছলা বলি,
 এফেৰি উভতি চোৱাঁ!


হাতৰ লাখুটি ইয়ে,
 মেলি দিছোঁ, হে ভাই!
ধঁৰা, ধৰি কোনো মতে
নিয়া মোকো আগুৱাই।