পৃষ্ঠা:জ্ঞান-মালিনী.djvu/১০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৬০ জ্ঞান-মালিনী পৰিছহি তয়াে তেনে ফাঁকটিত, | আশা-ফচুলনি পাই; কিন্তু এনি তােৰ ইযে আয়-নই, প্রতি পলে পলে, গৈছে বই বই। গমি, টলি, দেখো, তাকো চাবলই কান-সাৰে (ই) তােৰ নাই। ১৮ দেখি শুনিও যে, হে আবুজন! কিয় দিনে ৰাতি কৰ ধন ধন’? কিয় গেলাইছ কঠীয়াৰ কণ, এনে সােৰােপালি কৰি? নেজান নে তােব এই খেতি খন অলপতে হায়! পৰি যাব চন? অলপতে তােৰ ভাগি ভিকাচন, যাবি আনে-বানে লৰি? ১৯. নৱ পামলই পৰস্তে নােতই, ৰাহি নােহাকই শুদা হাতে গই, কঠীয়া নাে পাছে সিচি কেনেকই, বি পৰমাৰ্থ ধান? এই ধনে-ধানে নাহিব তাে কাম নহব যে তাত, এই নামে নাম, দাবগৈহে যদি পাৰ সেই পাম, তেহে ৰ'ব তােৰ মান ? শক ১৮১৮ ১৫ ফাগন।