এতিয়া টাটা ৬৫ বছৰীয়া বুঢ়৷; এই সময়তে তেওঁৰ বুকত
বেমাৰ হয়। ধৰিবলৈ গলে তেওঁ এজন আমাৰ ইয়াৰ তামোল
খুন্দি খোৱা বুঢ়া, তেওঁৰ ঠাই হব—জুহালৰ খোৰ; কিন্তু টাটাই
এই বুঢ়াকালতো ডাক্তাৰৰ পৰামৰ্শমতে হাৱা-পানী পৰিবৰ্ত্তন
কৰিবলৈ ১৯০৪ খৃষ্টাব্দৰ জানুৱাৰী মাহত উইৰোপলৈ যাত্ৰা
কৰিলে। তেওঁৰ সহ যাত্ৰী হৈছিল পুতেক দোৰাব টাটা অৰু
জ্ঞাতিৰ ভায়েক ৰতন টাটা।
জগতৰ কোনো বস্তুৱেই চিৰদিনীয়া নহয়; সকলোৱে এদিন মৃত্যুৰ কোলাত আশ্ৰয় লব লাগিবই। কোনো কোনো বুঢ়ামানুহৰ মুখত একাষাৰ কথা শুনা যায়; কথাষাৰ সম্পূৰ্ণ সত্য। কথাষাৰ হৈছে এই—
ব্ৰহ্মাৰো মৰণ দেখি মোৰ লাগিল ত্ৰাস।
ইহাকে দেখি মাৰ্ত্তণ্ড ঋষি এৰে গৃহ-বাস॥
টাটাই ভাৰত জননীৰ পৰা যি বিদায়লৈ গল, গলেই; তেওঁ আৰু দুনাই ভাৰত জননীৰ মুখ দেখ। নাপালে। সেই বছৰৰে ১৯ মে তাৰিখে জাৰ্মানী ৰাজ্যৰ ভিতৰত থকা নাছিম নগৰত দুদিনীয়া নৰ তনু ত্যাগ কৰি বিশ্বপতিৰ অভয়-কোলত ঠাই ললে। তেওঁৰ লগৰ সহযাত্ৰী সকলে শৱটোৰ যথাৰীতি মতে কাম কৰিলে।
টাটাৰ এই আকস্মিক মৰণ-বাতৰি যেতিয়া ভাৰতবৰ্ষ পালেহি, তেতিয়া ভাৰতবাসী সকলো নৰ-নাৰীৰেই মন শোক