সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
জেম্‌ছেদজী টাটা।


আৰু বিষাদেৰে পূৰ্ণ হ’ল। আন সকলো ঠাইৰ লোকত কৈ বোম্বেবাসী সকল শোকতে বেচি মৰ্ম্মাহত হ’ল। স্বৰ্গীয় আত্মালৈ সম্মান দেখুৱাবৰ কাৰণে বোম্বেৰ টাউন হলত এখন বিৰাট জন-সভা বহে; ভাৰ সভাপতি আছিল, বোম্বে প্ৰেচিডেন্সিৰ তেতিয়াৰ গবৰ্ণৰ লৰ্ড লেমিংটন্ চাহেব। সেই সভাত টাটাৰ বিশিষ্ট বন্ধু চাৰ লৰেন্স, জেঙ্কিসে টাটাৰ গুণাৱলী বৰ্ণনা কৰে।

 টাটাৰ অভাৱত ভাৰতবাসীৰ পূৰণ কৰিব নোৱাৰা ক্ষতি হল। তেওঁৰ কৰ্ত্তব্যজ্ঞান, উদাৰতা, সৰলতা আৰু বহুদৰ্শিতা সকলোৱে অনুকৰণ কৰিব লগীয়া। বাণিজ্য বিষয়ত টাটা ভাৰতবাসীৰ প্ৰথম আৰু প্ৰধান পথ প্ৰদৰ্শক; তেওঁ ভাৰতলৈ ধন আগমনৰ বাট এটা মুকলি কৰি থৈ গ’ল। চন্দ্ৰ দিবাকৰ থাকে মানে টাটাৰ নাম প্ৰত্যেক ভাৰতবাসীৰেই মুখে মুখে হৈ থাকিব।

  টাটাৰ জীৱনীৰ পৰা পোৱা নীতিকথা :⸺

 (১) কৰ্ত্তব্যজ্ঞান, অধ্যৱসায় আৰু নিপুণতাৰ গুণত মানুহে টান কামে৷ সহজতে কৰিব পাৰে।

 (২) সকলো কামতকৈ বেপাৰত বেচি লাভ কৰিব পাৰি;তাকে মাথোঁ ভালদৰে বুদ্ধিবৃত্তি পৰিচালিত কৰি কৰিব লাগে।

 (৩) ঘৰত বহি থাকিয়েই কোনো এটা ডাঙ্গৰ কাম সুচাৰুৰূপে সম্পন্ন কৰিব পৰা টান; তাৰ কাৰণে দেশ ভ্ৰমণ আৰু জনা লোকৰ পৰামৰ্শ আৱশ্যকীয়।