সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
জেম্‌ছেদজী টাটা।

(১১)

 টাটাই ৰাজনৈতিক বিষয়ত হঠাতে কোনো মত প্ৰকাশ নকৰিছিল। ইচ্ছাকৰা হলে তেওঁ এজন ভাল ৰাজনীতিবিদ হব পাৰিলে হেঁতেল; কিন্তু আন আন ৰাজনৈতিক পুৰুষ সকলৰ ভিতৰত দুটা দল হোৱা বাবে তেওঁ কোনোটো দলৰেই পক্ষপাতী নহল। সেই বুলি তেওঁ ৰাজনীতি নজনাকৈ থকা নাছিল। বহুত দেশ ঘূৰি অহা বাবে তেওঁৰ মনৰপৰ৷ সকলো প্ৰকাৰৰ সঙ্কীৰ্ণতা আৰু অন্ধবিশ্বাস দূৰীভূত হৈছিল।

 তোমালোকে কংগ্ৰেহ মহাসভাৰ নাম শুনিছা। ভাৰতৰ কিছুমান ত্যাগী কৰ্ম্মবীৰৰ চেষ্টাত ১৮৮৫ খৃষ্টাব্দত ইয়াৰ জন্ম হয়। এই মহাসভা ১৯২৬ খৃষ্টাব্দৰ বৰদিনৰ বন্ধত গুৱাহাটীৰ ওচৰৰ পাণ্ডুতো হৈছিল; সভাপতি আছিল শ্ৰীযুক্ত শ্ৰীনিবাস আয়েঙ্গাৰ; তালৈ বৰ্ত্তমান পৃথিবীৰ শ্ৰেষ্ঠ মানৱ মহাত্মা গান্ধীও আহিছিল। এই মহা সভা পাতিললৈ হলে কম পক্ষেও ৫।৬ লাখ টকাৰ আৱশ্যক। টাটাই এই জাতীয় মহা সভাত বহুত ধন দান দিছিল। অনেক সময়ও তেওঁৰ সোঁহাতৰ দানৰ খবৰ বাও হাতেও নাপাইছিল।