(১০)
এখন ধুনীয়া ফুলনি কৰিবৰ কাৰণে টাটাৰ বহুত দিন আগৰে পৰা হেপাহ আছিল। সেই ইচ্ছা পূৰ্ণ কৰিবাৰ কাৰণে তেওঁ পৃথিবীৰ নানা দেশৰপৰা হৰেক ৰকমৰ ফুল-গছ আনি নাভছাৰী নগৰত এখন অতি মনোমোহা ফুলনি সাজিছিল। সেই ফুলনি খনৰ নাম হৈছে—“বোটানিকেল গাৰ্ডেন” (Botanical Garden)। আজৰি সময়ত তেওঁ সেই ফুলনিৰ কাম কৰি মনত তৃপ্তি লভিছিল। অনেক নতুন নতুন উপায়েৰে তেওঁ ফুল-গছত পানী আৰু সাৰ দি তাৰ দৃশ্য সুন্দৰতম কৰি তুলিছিল। সেই ফুলনিৰ ওচৰলৈ গলে কোনোৱেই খন্তেক নাচাই নোৱাৰে। টাটাৰ প্ৰত্যেক কামেই মলমলীয়া গোন্ধ যুক্ত; তাক দেখিলে সকলোৱে ভোল যায়।
টাটা বহুত ধনৰ গৰাকী, তেওঁ ইচ্ছা কৰিলে ধনৰে থিয়ৈ থিয়ৈ মানুহ পুতি থব পাৰে; তথাপি তেওঁ দিল্লীৰ দাস বংশী ৰজ৷ নাছিউদ্দিনৰ নিচিনা বৰ মিতব্যয়ী আছিল। তেওঁ দেশহিতকৰ কেবাটাও কাম কৰিবলৈ হাতত লৈছিল; মদ খোৱা প্ৰথা নিবাৰণ কৰিবৰ কাৰণে তেওঁ খুব চেষ্টা কৰিছিল। এই প্ৰজাহিতকৰ কামত আগ্ৰহ থক৷ মানুহক তেওঁ পাৰ্য্যমানে সহায় কৰিছিল। আমাৰ আসামৰ পৰাও কানি-ভাং আদি ৰাগীয়াল বস্তু নিবাৰণ কৰিবৰ কাৰণে আৰু আসাম ‘কানীয়াৰ দেশ' এই বদনাম গুচাৰ কাৰণে এজন অসমীয়া ডেকা কৰ্ম্মবীৰে প্ৰাণপণে চেষ্টা কৰিছিল৷ তেওঁ এতিয়া ইহ জগতত নাই,অলপতে পৰম পিতাৰ আনন্দময় কোলাত চিৰকাললৈ ঠাই ললে। সেই পুৰুষজন হৈছে—কৰ্ম্মৱীৰ ৺ ৰোহিণীকান্ত হাতী বৰুৱা। এনেকুৱা কৰ্ম্মবীৰ অসমত আৰু নোলোৱাকৈ নাথাকিব।