পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেমছেদজী টাটা। (১০) এখন ধুনীয়| ফুলনি কৰিবৰ কাৰণে টাটাৰ বহুত দিন আগবে পৰা হেপাহ আছিল। সেই ইচ্ছা পূৰ্ণ কৰিবাৰ কাৰণে তেওঁ পৃথিবীৰ নানা দেশৰপৰা হৰেক ৰকমৰ ফুল-গছ আনি নাভছাৰী নগৱত এখন অতি মনোমোহা ফুলনি সাজিছিল। সেই ফুলনি খনৰ নাম হৈছে—“বোটানিকেল গাৰ্ডেন” ( Botanical Garden )। আজৰি সময়ত তেওঁ সেই ফুলনিৰ কাম কৰি মনত তৃপ্তি লভিছিল। অনেক নতুন নতুন উপায়েৰে তেওঁ ফুল-গছত পানী আৰু সাৰ দি তাৰ দৃশ্য সুন্দৰ্তম কৰি তুলিছিল। সেইফুলনিৰ ওচৰলৈ গলে কোনোৱেই খন্তেক নাচাই নোৱাৰে। টাটাৰ প্ৰত্যেক কামেই মলমলীয়া গোন্ধ যুক্ত; তাক দেখিলে সকলোৱে ভোল যায়। টাটা বহুত ধনৰ গৰাকী, তেওঁ ইচ্ছা কৰিলে ধনৰে থিয়ে থিয়ৈ মানুহ পুতি থব পাৰে; তথাপি তেওঁ দিল্লীৰ দাস বংশী ৰজ৷ নাছিউদ্দি, নিচিন| বৰ মিতব্যয়ী আছিল। তেওঁ দেশহিতকৰ কেবাটাও কাম কৰিবলৈ হাতত লৈছিল; মদ খোৱা প্ৰথা নিবাৰণ কৰিবৰ কাৰণে তেওঁ খুব চেষ্টা কৰিছিল। এই প্ৰজাহিতকৰ কামত আগ্ৰহ থক৷ মানুহক তেওঁ পাৰ্য্যমানে সহায় কৰিছিল। আমাৰ আসা- মৰ পৰাও কানি-ভাং আদি ৰাগীয়াল বস্তু নিবাৰণ কৰিবৰ কাৰণে আৰু আসাম ‘কানীয়াৰ দেশ' এই বদনাম গুচাৰ কাৰণে এজন অসমীয়া ডেক। কৰ্ম্মবীৰে প্ৰাণপণে চেষ্টা কৰিছিল৷ তেওঁ এতিয়া ইহ ভগতত নাই,অলপতে পৰা পিতাৰ আনন্দময় কোলাত চিৰকাললৈ ঠাই ললে। সেই পুৰুষজন হৈছে—কৰ্ম্মৱীৰ ৺ ৰোহিণীকান্ত হাতী বৰুৱা। এনেকুৱা কৰ্ম্মবীৰ অসমত আৰু নোলোৱাকৈ নাথাকিব। ৩৯.