আশ৷ কৰি থাকি খেতিকৰিলে কেতিয়াবা পানীৰ অভাৱত অলপো খেতি নহয়। খেতি নহলেই দেশত আকাল হয়, বেমাৰ আজাৰে মানুহক হেচি ধৰে। এই বিষয়ত চীন জাপান আদি দেশৰ খেতিয়ক বিলাক বহুত উন্নত। আমাৰ খেতিকৰা কামটো গাৱঁলীয়া হোজা চহা মানুহৰ হাততে আছে। খেতি কৰিবলৈকো নানাবিধ সুশিক্ষাৰ আৱশ্যক। কৃষি বিদ্যাটোক আদৰ কৰি শিক্ষিত লোক সকলে গ্ৰহণ কৰিলে সমাজ আৰু দেশৰ উন্নতি নোহোৱাকৈ নাথাকিব। মিথিলাৰ ৰজা জনক ৰাৱণাৰি ভগবান শ্ৰীৰামচন্দ্ৰৰ শহুৰেক, ইপিনে তেওঁ শ্ৰেষ্ঠ সাধক ৰাজৰ্ষি। সেইহেন ৰাজৰ্ষি জনকেও বৰ আগ্ৰহেৰে খেতিকৰা কথ৷ ৰামায়ণত পোৱা যায়। তেওঁ হাল বাই থাকোতেই হেনো এটা ডিমাৰ আকৃতি ধৰি সীতা দেৱী আবিৰ্ভূত হয়। পাণ্ডৱ সকলৰ পূৰ্বপুৰুষ কুৰু ৰাজেও কুৰুক্ষেত্ৰত (বৰ্ত্তমান দিল্লী) হাল বাই থকা কথা মহাভাৰতত পোৱা যায়। আমিও তেওঁলোকেৰেই বংশধৰ নহয় জানো? খেতিয়েই অসমীয়াৰ অলঙ্কাৰ, সৰ্ব্বস্ব; খেতিতেই-খ্যাতি।
পৃষ্ঠা:জেম্চেদজী টাটা.pdf/৫২
অৱয়ব