পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
জেম্‌ছেদজী টাটা।


(৯)

 অনেক মহৎ লোকৰ জীৱনত সৰু ডাঙ্গৰ বহুত শুনিব লগীয়া ঘটনা থকা দেখা যায়; কিন্তু টাটাৰ জীৱনত বিশেষকৈ লৰা কালত কোনো ডাঙ্গৰ ঘটনা হোৱা দেখা নাযায়। তেওঁ এজন নীৰৱ কৰ্ম্মী আছিল; কামৰ মাজেদিহে তেওঁ তেওঁৰ নিজত্ব প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল। যি মানুহ সদাই নিজৰ কৰ্ত্তব্য কামতেই ব্যস্ত, তেওঁৰ জীৱনত আৰু আন বাহিৰা ঘটনা ঘটিবলৈ পাব কেনেকৈ?

 টাটাই কেৱল কেইটামান কল-কাৰখানাৰ কামতেই সদাই আৱদ্ধ নাছিল; বাণিজ্যত বাহিৰেও তেওঁ বহুত বাহিৰা কাম জানিছিল। ৰেছমৰ খেতি কৰিবলৈ তেওঁৰ বৰ আগ্ৰহ আছিল;মহীশুৰত এই খেতি কৰিবৰ কাৰণে তেওঁ চেষ্টাও কৰিছিল। তেওঁ জাপানৰপৰা ফুৰি আহি বন্ধু-বান্ধৱ সকলক ৰেছমৰ খেতি কৰিবলৈ বুধি-ভৰসা দিয়ে আৰু জাপানত সেই খেতি কেনেকৈ কৰে তাকো বুজাই দিলে।

 তেওঁ চীন, জাপান মিছৰ ইংলণ্ড আদি অনেক ঠাই ভ্ৰমণ কৰিবলৈ গৈছিল; সেই কাৰণে তেওঁ নানা দেশৰ কৃষি প্ৰণালীৰ বিষয়ে যথেষ্ট পৰিমাণে অভিজ্ঞতা লাভ কৰিছিল।

 ভাল খেতি কৰিবলৈ হলে দুটা বস্তুৰ আৱশ্যক। তাৰে প্ৰথমটো হৈছে—বতৰৰ সময়ত শস্যৰ পথাৰত পানী দিবপৰা সঁজুলি; আৰু দ্বিতীয়টো হৈছে—শস্য চাই উপযুক্ত সাৰ। এই দুবিধ বস্তু নহলে ভাল খেতি কৰিব নোৱাৰি। কেৱল বৰষুণকে