পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
জেম্‌ছেদজী টাটা।

কৰিয়েই আছে। হেনৰী ফোৰ্ডৰো প্ৰথমতে অৱস্থা বৰ বেয়া আছিল; কিন্তু এতিয়া তেওঁ চেষ্টা আৰু সাধনাৰ গুণত জগত জিলিকা হ’ল। তেওঁ কাম কৰি থাকিয়েই হেনো মৰিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে। মইনা হঁত, তোমালোকে যেন এই জনা কৰ্ম্ম বীৰৰ আদৰ্শ আগত লৈ কামত লাগি যোৱা।