অধ্যৱসায় কষ্ট সহিষ্ণুতা আৰু ধীৰতা প্ৰকাশ পাইছিল তাৰ প্ৰমাণ এতিয়াও পোৱ৷ যায়। সৰু বৰ সকলে৷ বেপাৰীয়েই তেওঁৰ এই দেৱ সুলভ গুণৰাশি অনুকৰণ কৰিব লগীয়া। নিজক সৰু বুলি পিচ হুহকি থাকিব নাপায়, এটি অকণ মান গুটিৰ পৰাই বহুত প্ৰাণীৰ আশ্ৰয়দাতা বড় গছৰ জন্ম হয়। জাঁজিৰ নগা আলিৰ দাঁতিত থকা সাত ডলীয়া “লাহৰী বড় গছ” * [১] জোপাও এটা নাও মান বীজৰ পৰাই হোৱা। সৰুৰ পৰাই ক্ৰমে ক্ৰমে ডাঙ্গৰ হোৱাটো জগতৰ স্বাভাবিক ধৰ্ম্ম। যেতিয়া ভাৰতৰ ঠায়ে ঠায়ে অন্তৰ্ব্বাণিজ্যৰ লগে লগে বহিৰ্ব্বাণিজ্য প্ৰচালিত হব, যেতিয়া প্ৰত্যেক ভাৰতবাসীয়ে বাণিজ্য কি আৰু কি কি উপায়েৰে কৰিব লাগে বুজি পাব, তেতিয়াহে ভাৰতবাসীৰ দিন আকৌ জয় জয় ময় ময় হব।
তোমালোকে মটৰ কাৰ দেখিছা। সেই বোৰৰ বেচি ভাগৰেই পিচ ফালে ‘ফোৰ্ড’ (Ford) বুলি লিখা থাকে। সেইবোৰৰ গৰাকী হৈছে আমেৰিকাৰ হেনৰী ফোৰ্ড। তেওঁ এজন ডাঙ্গৰ বেপাৰী আৰু পৃথিবীৰ ভিতৰত আটাইতে কৈ ধনী মানুহ। তেওঁক মানুহে “ধন-কুবেৰ” আখ্যা দিছে। তেওঁৰ মটৰ কাৰ কৰা কাৰখানাটে৷ বৰ ডাঙ্গৰ; তাত দিনে ৰাতিয়ে অসংখ্য মানুহে কাম
—লিখক।
- ↑ আমি ৫।১।৩০ ইং তাৰিখ ৰবিবাৰে দুজন বন্ধুৰ লগত সেই গছ জোপা চাবলৈ গৈছিলোঁ। “লাহৰী” নামৰ কোনো বুঢ়ীৰ নামে সেই নাম হয় হেনো।সেই ঠাই ডোখৰ আৰু গছ জোপা চাব লগীয়া। ওচৰতে “দেওৰাজ মৈদান”।