সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
জেম্‌ছেদজী টাটা।

(৮)

 টাটা “হাইদ্ৰে৷ ইলেকট্ৰিক পাৱাৰ ছাপ্লাই কোম্পানীৰ” প্ৰতিষ্ঠাতা। ইয়ো পৃথিবীৰ ভিতৰত উল্লেখ কৰিব লগীয়া এটা বৈজ্ঞানিক উপায়। টাটাই ইয়াৰ পৰা বছৰে বছৰে অজস্ৰ ধন উপাৰ্জ্জন কৰি আহিছে।

 ‘পাৱাৰ ছাপ্লাই’ শব্দৰ অৰ্থ হৈছে– বিদ্যুৎ শক্তি যোগোৱা। সেই বৈদ্যুতিক শক্তিৰ গুণত কম সময়ৰ ভিতৰতেই অনেক কাম কৰিব পাৰি; আৰু তেতিয়া হলে বস্তুবোৰ কম দামতে বেচিব পাৰি।

 প্ৰায় বোৰ অৱস্থাপন্ন আৰু ডাঙ্গৰ কোম্পানীৰ এনেকুৱা এটা ‘পাৱাৰ হাউছ’ ( শক্তি উৎপাদনৰ ঘৰ ) থাকে; সেই ঠাইৰ পৰাই যন্ত্ৰৰ সহায়ত সকলো ঠাইলৈকে শক্তি পৰিচালিত কৰা হয়। ধাতুৰ ভিতৰত তামে ভালদৰে শক্তি পৰিচালিত কৰে বাবে তাৰ তাঁৰ ব্যৱহাৰ কৰা হয়।

 সেই তাঁৰ কিবা এটা বিদ্যুৎ শক্তি অপৰিচালক বস্তুৰ ভিতৰত ৰখা হয়; তেনেকুৱা নকৰি শুদা তাঁৰ দিলে, তাঁৰ ডাল মানুহ বা আন কোনো প্ৰাণীৰ গাত লাগিলে তৎক্ষণাৎ মৰি যাব। এই বিষয়ে কোম্পানীৰ গৰাকী সকলে আদিৰেপৰা বৰ সাৱধান হয় আকাশৰপৰা পৰা বজ্ৰপাতো এক ৰকম এনেকুৱাই।

 টাটাই জীৱনৰ ভিতৰত যি কেইটা কাম কৰি গৈছে, সেইবোৰৰ প্ৰত্যেকটোৰেই তেওঁৰ অক্ষয় কীৰ্ত্তি ঘোষণা কৰি আছে। প্ৰত্যেক কামতেই যে তেওঁৰ অসাধাৰণ সাহসিকতা,