পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 জেম্‌ছেদজী টাটা। (9) এফাঁকি নীতি পূৰ্ণ কবিতা আছে— সুগুণৰ পাৰিজাত সৌৰভ আমোলমোল পৃথিবী ধোৱাই নিয়ে বই তাৰ মৌ-জোল। - (—কলিতা) কেতেকী ফুলৰ সুন্দৰ মলমলীয়া গোন্ধে মানুহৰ মনত তৃপ্তি দিয়াৰ নিচিনা মহাত্মা আৰু কৰ্ম্মবীৰ সকলৰ কৰ্ম্মাৱলীও সংসাৰ পথৰ নতুন যাত্ৰীৰ সদাই আদৰ্শনীয় হৈ থাকে। সেই মহাজন “সকলৰ অনিত্য পাথিব কায় মৰিশালিৰ ধূলি মাকতিৰ লগত মিলি যোৱাৰ পিচতো তেওঁ লোকৰ কৰ্ত্তব্য কামে নাম অজৰ অমৰ কৰি ৰাখে। আন ঠাইৰ কথ| এবি দিলেও আমাৰ দুখুনী অসম জননীৰ বুঝতেই তাহানি অনেক কৰ্ম্মৰীৰ অৱতীৰ্ণ হৈ দেশ মাতৃকাৰ নাম উজ্বল কৰিছিল। তলত দিয়া অসমীয়া বীৰৰ অসম বাণী আষাৰ শুনি কোন অসমীয়াৰ মনত বিমল আনন্দ উদ্ৰেক নহৈ থাকিব পাৰে?—

নহওঁ তোমাৰ দৰে পলৰীয়া বীৰ, সন্মুখ যুঁজত বন্দী, উচ্চ মোৰ শিৰ। স্বদেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে, যুদ্ধ কৰি শুদ্ধচিতে এক প্ৰাণে মনে, পুণ্য মোৰ হ’ল আজি কপাল মুকলি মুক্তিৰ আহবান পালোঁ, হাতত শিকলি।