পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌ছেদজী টাটা। ৩১ সেই চোদা আমাৰ হাট-বজাৰত বেচা চোদাতকৈ বহুগুণে ভাল আৰু উপকাৰী। আজি কালি আৰু অনেকে অনেক বিধৰ লো উলিয়াইছে; কিন্তু টাটাৰ লো সকলোতে কৈ উৎকৃষ্ট আৰু মানুহৰ আদৰণীয়। এই লে| আমেৰিকা, চীন, জাপান, ফ্ৰান্স, ইটালী, আফ্ৰিকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়| আদি হুদূৰ ঠাইলৈকো যায়। দেই- বোৰ ঠাইত টাটাৰ লোহাই বৰ আদৰ পায়। পৃথিবীৰ প্ৰায় বোৰ ডাঙ্গৰ নগৰতেই টাটা কোম্পানীৰ অফিছ, আছে; সেই অফিছৰপৰাই দৰ্কাৰ হোৱা ঠাইলৈ লো চালান দিয়ে। ভাৰতৰ আনকোনো ঠাইতে টাটা কোম্পানীৰ নিচিনা লোৰ ডাঙ্গৰ কাৰখান৷ নাই; কেৱল কুলটি নামে ঠাইত সাধাৰণ লো তৈয়াৰ কৰা এটা কাবখানা আছে। তাৰ নাম হৈছে—“বেঙ্গল আইৰণ এণ্ডষ্টিল কোম্পানী” (Bengal Iron & steel Company)। কিছুমান মানুহে তাত আকৌ লোৰ উৎকৃষ্ট কাৰখানা খুলিবলৈ যো-যা কৰিছে। ভাল বস্তুৰ আদৰ য'তে ত’তে আছে।