এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
জেম্ছেদজী টাটা।
সেই চোদা আমাৰ হাট-বজাৰত বেচা চোদাতকৈ বহুগুণে ভাল আৰু উপকাৰী।
আজি কালি আৰু অনেকে অনেক বিধৰ লো উলিয়াইছে; কিন্তু টাটাৰ লো সকলোতে কৈ উৎকৃষ্ট আৰু মানুহৰ আদৰণীয়। এই লো আমেৰিকা, চীন, জাপান, ফ্ৰান্স, ইটালী, আফ্ৰিকা, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়| আদি সুদূৰ ঠাইলৈকো যায়। সেইবোৰ ঠাইত টাটাৰ লোহাই বৰ আদৰ পায়।
পৃথিবীৰ প্ৰায় বোৰ ডাঙ্গৰ নগৰতেই টাটা কোম্পানীৰ অফিছ্ আছে; সেই অফিছৰপৰাই দৰ্কাৰ হোৱা ঠাইলৈ লো চালান দিয়ে। ভাৰতৰ আনকোনো ঠাইতে টাটা কোম্পানীৰ নিচিনা লোৰ ডাঙ্গৰ কাৰখান৷ নাই; কেৱল কুলটি নামে ঠাইত সাধাৰণ লো তৈয়াৰ কৰা এটা কাৰখানা আছে। তাৰ নাম হৈছে—“বেঙ্গল আইৰণ এণ্ড ষ্টিল কোম্পানী” (Bengal Iron & steel Company)। কিছুমান মানুহে তাত আকৌ লোৰ উৎকৃষ্ট কাৰখানা খুলিবলৈ যো-যা কৰিছে। ভাল বস্তুৰ আদৰ য'তে ত’তে আছে।