সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
জেম্‌ছেদজী টাটা।

একে৷ পৰিচয় দিব নোৱাৰে। বেপাৰী বা কাৰবাৰী সকলে এবাৰ এই কাৰখানাটো চাবলৈ যোৱ৷ ভাল।

 সাধাৰণ লোহাক পিগ্‌, আইৰন্ (Pig-iron) বোলে। এইবিধ লোহা তৈয়াৰ কৰিবৰ কাৰণে লৌহ পাথৰৰ (Iron ore) লগত পৰিমিত হিচাবে মাঙ্গানিজ (Manganese), ডোলোমাইট (Dolomite) আৰু কোক্ (Coke) মিহলাই দিব লাগে। এই দৰেই বহুত কল-কব্জাৰ সহায়ত পিগ্‌, আইৰন তৈয়াৰ কৰে। ইয়াত বাহিৰেও আৰু ছবিধ লোহ৷ তৈয়াৰ কৰা হয়, — এবিধ হৈছে তৰল ইস্পাত্‌ আৰু আন বিধ হৈছে ইন্‌গট (In-got)। এইবোৰ তৈয়াৰ কৰাত মেহনত বৰ বেচি। একোটা ইন্‌গটৰ ওজন প্ৰায় নব্বৈ মোণ হব। এই কাৰখানাৰ পৰাই টাটা কোম্পানীৰ লো পৃথিবীময় হৈ পৰিছে। টাটা কোম্পানীৰ লো বিলাকত “টাটা আইৰণ এণ্ড ষ্টীল্ কোম্পানী” (Tata Iron & Steel Company) বুলি লিখা থাকে।

 এই কাৰখানাত এটা বৰ ডাঙ্গৰ বিদ্যুদাগাৰ আছে। এনেকুৱা বিদ্যুদাগাৰ ভাৰতৰ ভিতৰত খুব কমহে আছে। ইয়াৰ তুলনাত আমাৰ ইয়াৰ বিদ্যুদাগাৰবোৰ নিচেই সৰু। এই বিদ্যুদাগাৰৰপৰাই কাৰখানাৰ আৰু নগৰৰ সকলে৷ ঠাইতে পোহৰ দিয়া হয় আৰু পাঙ্খ| চলোৱা হয়। কাৰখানাৰ ভিতৰত সকলে৷ ঠাইলৈকে সুকলমে যোৱা অহা কৰিবলৈ ৰেল-লাইন আছে৷ কামিলা সকলৰ কাম কৰোঁতে পিয়াহ লাগিলে পইচা নিদিয়াকৈ কোম্পানীৰপৰ৷ বৰফ আৰু চোদা খাবলৈ পায়।