পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেম্‌ছেদজী টাটা। (৬) লে| আমাৰ বৰ উপকাৰী ধাতু। সোণ ৰূপ আদি ইয়াতকৈ মূল্যবান যদিও ইয়াৰ সমান লাগতিয়াল নহয়। আমাৰ আৱশ্যকীয় অস্ত্ৰ দা-কুঠাৰ, ছুৱী-কটাৰী আৰু কোদাল আদি লোহাৰ পৰাই পাওঁ। জগতৰ কোনে৷ এটা জাতিৰ সভ্যতা বঢ়োৱাত লোহাই বৰ সহায় কৰে। বেল, জাহাজ আৰু আকাশী যান আদি লোহাৰেই সজা। এই লো কেনেকৈ তৈয়াৰ কৰা হয় আৰু ক’ত পোৱা যায়, তাক সকলোৱে জন৷ ভাল। বিশ্ব- পতিৰ বিশাল ৰাজ্যৰ বিবিধ বস্তুৰ কি আদি অস্ত আছে! লৌহ পাথৰ (Iron Ore) নামেৰে এবিধ পাথৰ আছে, ইয়াৰ পৰাই লো তৈয়াৰ কৰা হয়। কালিমাটি নামে ঠাইৰ পৰা ৩৩ মাইল দূৰৈত ময়ূৰ ভঞ্জ ৰাজ্যৰ ভিতৰত ‘গৰুমহিযাণী’ নামেৰে এখন পাহাৰ আছে; সেই পাহাৰৰ পৰা এইবিধ পাথৰ অনা হয়। এই পাথৰত লোৰ পৰিমাণ বৰ বেচি। সেই পাহাৰৰ পৰা পাথৰ কাটি ৰেল-গাড়ী বজাই কৰি কাৰখানাৰ ঠাইলৈ লৈ আহে। এই দৰে আনি থাকোঁতে থাকোঁতে ভবিষ্যতে হয়তো কেতিয়াব৷ পাহাৰৰ অকণমানো চিন্‌চাব নাইকিয়া হৈ যাব পাৰে। R এই কাৰখানাত প্ৰায় তিনি চাৰি হাজাৰ মানুহে কাম কৰে। ইয়াৰ পৰাও অনুমান কৰিব পাৰি ই কিমান ডাঙ্গৰ। লোৰ কাৰখানাটোৰ কোন ফালে কি কি কাম চলি আছে, তাক নিজে নিজে গৈ এবাৰ চাই নাহিলে আমাৰ এই চমু বৰ্ণনাই বিশেষ