সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
জেম্‌ছেদজী টাটা।

(৫)

 কোম্পানীৰ চাৰিখন স্কুল আছে। এখন উচ্চ ইংৰাজী স্কুল (High English School); এখন নৈশ বিদ্যালয় (Night School); এখন শিল্প-বিদ্যালয় (Technical School); আৰু বাকীখন হৈছে— বালিকা মধ্য ইংৰাজী স্কুল (Girls' M. E. School)। এই কোনোটো স্কুলতেই মাছুল দিব নালাগে। কিছুমান শ্ৰমজীবীৰ কাৰণে ইয়াত বাধ্যতা মূলক শিক্ষা দিয়া হয়। আমাৰ ইয়াত বাধ্যতামূলক শিক্ষা চলিছে জানো?

 এই বোৰত বাহিৰেও আৰু কেইটামান স্কুল খুলিবৰ কথা হৈছে। মানুহৰ আৱশ্যকীয় জিনিচ বহুত; নিজৰ জ্ঞান-বুদ্ধিৰে নিজেই সেইবোৰ কৰি লব লাগে। কথাতে কয়— যাৰ আছে বুদ্ধি, তাৰ সৰ্ব্ব সিদ্ধি।

 যোৰহাট, গুৱাহাটী আদি নগৰত যেনেকৈ থিয়েটৰ হল আৰু লাইব্ৰেৰী আছে, তেনেকৈ তাতো আছে; কিন্তু সেই বোৰ ডাঙ্গৰ আৰু আমাৰ ইবোৰতকৈ ধুনীয়া। সকলে৷ কৰ্ম্মচাৰীয়েই তাৰ সভ্য হব পাৰে। সেইবোৰ ঘৰ দেখিলে চাই থাক্ চাই থাক্ কৰে।