জেম্ছেদজী পুৰৰ ভাগ আৰু তাৰ আন আন কিছুমান
সুবিধাৰ কথা কোৱা হ’ল; এতিয়া অলপ চিকিৎসা বিষয়ক কথা
কোৱা যাওক।
যি ঠাইত মানুহৰ সমাগম আৰু বসবাস বেচি, সেই ঠাইত বেচি পৰিমানে বেমাৰপাতি হোৱাটো স্বাভাবিক। মানুহৰ বসতি ঘন হৈ অহাৰ লগে লগে কোম্পানীয়ে এটা চিকিৎসালয় স্থাপন কৰিলে; আৰু তাত ভাল চিকিৎসা কৰিবৰ কাৰণে ১২ জন সুবিজ্ঞ চিকিৎসক নিযুক্ত কৰিলে। এই কথাৰ পৰাই বেচ বুজিব পাৰি সেই চিকিৎসালয়টো কিমান ডাঙ্গৰ আৰু চকুত লগা। এই চিকিৎসা বিভাগৰ গৰাকী হৈছে ৰায় চাহেব শ্ৰীযুক্ত শান্তিৰাম চক্ৰবৰ্তী। ইয়াত সকলোকে বিনামূল্যে চিকিৎসা কৰা হয়।
তোমালোকৰ ঘৰৰ মানুহৰ বেমাৰ-আজাৰ হলে কোন ডাক্তৰ খানাৰ পৰা দৰব-জাতি আনা? সেই ডাক্তখানা চায় কোনে? কিছুমান বেমাৰত অসমীয়া অজাৰ ঔষধেও ভাল গুণ দিয়ে।
কপালত যি আছে মোৰ হব– এনেকুৱা ধাৰণ৷ লৈ থাকিয়েই কিছুমান মানুহ হাইজা-বসন্ত আদি বেমাৰত অকালতে মৰে। এনেকুৱা ধাৰণা মনৰপৰা বাহিৰ কৰি দিব লাগে; বেমাৰ হলে ভাল চিকিৎসকৰ আশ্ৰয় লোৱাটো জনা মানুহৰ কাম।