পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৬ জেম্‌ছেদজী টাটা। কলাপ বৰ সুন্দৰ। নগৰ খনক চাৰিট। ভাগত ভগালে; উত্তৰ ভাগত চাহেব আৰু চহকী মানুহৰ বাস। ইয়াৰ প্ৰত্যেক ঘৰতে বিজুলী পোহৰ আৰু পাঙ্খাৰ বন্দবস্ত আছে। প্ৰায় মানুহৰে একোখন বাগিছা আছে। পদূলি আৰু ঘৰ বাৰীবোৰ পৰি- পাটিকৈ কৰা। ইয়াৰ মানুহ বিলাক নিজৰ সুবিধাৰ কাৰণে টকা খৰচ কৰাত মূকলি হাতৰ। নগৰৰ দক্ষিণ ভাগক আকৌ দুই ভাগত ভাগ কৰিছে। এক ভাগৰ নাম “জি টাউন” ( G. Town ) আন অংশৰনাম “এইছ টাউন” (H. Town) আৰু ইয়াত বাহিৰে নগৰৰ পূব ভাগৰ নাম “এল টাউন” ( L. Town ); জি আৰু এইছ, টাউনৰ ওচৰত “কুলী টাউন” (Coolie Town); জি (G) এইচ, (II) অৰু এল্ (L) টাউনত ভদ্ৰলোক আৰু কুলী টাউনত শ্ৰমজীবী বিলাক থাকে। আলি বিলাকৰ নাম এ. ৰেডি (A. Road) বি. ( B. Road) এইদৰে অমেৰিকাৰ অনুকৰণ কৰি দিয়া হৈছে। এনেকুৱ৷ হোৱাত আলি ভুলিবৰ কোনো কাৰণ নাই। প্ৰত্যেক নগৰতেই নম্বৰ দিয়া আছে। আলিবিলাকৰ দুয়ো কাযে গছ কই দিছে, ডাঙ্গৰ ডাঙ্গব আলি বিলাকত বিজুলী পোহৰ আৰু পাঙ্খা দিছে। তাত ইলেক্টিক লাইট্ আৰু পানীৰ কল দিছে।