এই ঠাইত তালৈ যোৱা মানুহৰ কাৰণে এখন অতিথি-শালা আছে।
ইয়াৰ লগতে এটা সুন্দৰ হোটেল আছে, সেই কাৰণে যাত্ৰীসকল কোনো অসুবিধাত নপৰে। কিন্তু ইয়াত খোৱা বস্তু বেচি পৰিমাণ পোৱা নাযায় আৰু ঠাইডোখৰৰ জল-বায়ুও ভাল নহয়। ইয়াৰ ওচৰতেই থকা চক্ৰধৰপুৰৰ জল-বায়ু ভাল। জেমছেদপুৰৰ হাৱা-পানীৰ কাৰণে কোম্পানীৰ গৰাকীয়ে বৰ যত্ন কৰিছে।
টাটা কোম্পানীৰ কৰ্য্যাৱলী বৰ সুন্দৰ। জেম্ছেদপুৰ এখন সুন্দৰ ডাঙ্গৰ নগৰ। এই নগৰতো হাট-বজাৰ, ৰাস্তা-বাট, পুলিচ থানা, ডাক্তৰখান৷ আৰু স্কুল আদি সকলোৰে গৰাকী টাটা। ইয়াত কোনে৷ মিউনিচিপালিটি নাই যদিও কোম্পানীয়ে সকলে৷ কামকে সুচাৰুৰূপে সমাধা কৰে। য'ত বেচি মানুহৰ বসতি ত’ত মামলা-মোকদ্দামা হোৱাটে৷ স্বাভাবিক। মোকদ্দমা কৰিব লগীয়া হলে চাইবাছা নগৰলৈ যাব লাগে। চাইবাছা সিংভূম জিলাৰ সদৰ ঠাই। জেমছেদপুৰৰপৰা চাইবাছ৷ নগৰলৈ অনেক দূৰ যাব লগে। আফিচ-আদালত সকলো তাত হোৱা দেখি; জেমছেদপুৰৰ মানুহৰ কাৰণে তাত এটা তল খাপৰ বিচাৰালয় খোলা হৈছে। কোম্পানীৰে ডাঙ্গৰ বিষয়া সকল তাৰ বিচাৰক। ইয়াৰ পৰা জেমছেদপুৰবাসীৰ অলপ অসুবিধা দূৰ হল । এতিয়া দেখা গল যে টাটা কোম্পানীয়ে জেম্ছেদপুৰত এটা সৰু সুৰা গবর্ণমেণ্ট স্থাপন কৰিলে; এই গবর্ণমেণ্টৰ কাৰ্য্য