সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

28 জেমছেদজী টাটা। প্ৰদেশৰ লাট চাহেব চাৰ এড্‌ৱাৰ্ড দি গেট, বঙ্গ দেশৰ লাট চাহেব ৰোলান্দাজ আৰু (ভাইচৰয় ) লৰ্ড চেমচ, ফোৰ্ড মহাশয় সকলোৱেও এই নগৰ চাবলৈ আহিছিল। আৰু তাৰ এখন সভাত গবৰ্ণৰজেনেৰেলে কৈছে যে, যুদ্ধৰ সময়ত টাটা কোম্পানীৰপৰা গবৰ্ণমেন্টে যিমান সহায়তা পাইছে, সি প্ৰশংসনীয়। সেই কাৰণে টাটা কোম্পানীক গবৰ্ণমেণ্টৰ পৰা ধন্যবাদ দিবলৈ তেওঁ তালৈ আহিছে। এই কোম্পানীয়ে মেচোপটেমিয়া, মিছৰ, পেলেষ্টাইন আৰু পূৰ্ব্ব আফ্ৰিকাৰ ৰেল লাইনৰ লোহ| যোগাইছিল। গবৰ্ণমেণ্টে এই কোম্পানীৰ পৰা এই সহায়তা নাপালে বৰ বিপদত পৰিলহেঁতেন। কেৰ্কেটুৱাৰ বাহ-পাতেই ভেটি হোৱাৰ নিচিনা এজন মানুহৰ কামৰ পৰাই বেলি বুৰ নোযোৱা এখন বিশাল সাম্ৰাজ্যৰ গৰকীৰ প্ৰভূত উপকাৰ হ'ল। তেওঁ আৰু কলে যে, দহ বছৰৰ আগেয়ে যি ঠাই হাবিয়ে আছিল, তাত আজি হাজাৰ হাজাৰ মানুহে বাসকৰি বিৰাট কল কাৰখান৷ চলাইছে৷ যাৰ দূৰ-দৃষ্টি, কল্পনা আৰু প্ৰতিভাৰ ফলত আজি আমি এই সুন্দৰ কাৰখানা .দেখিবলৈ পাইছে৷, তেওঁ সঁচাকৈয়ে এজনা মানৱ সমাজ-হিতৈষী মহাপুৰুষ। বৰলাট চাহাবে জেম্‌ছেদজী টাটাৰ নাম চিৰস্মৰণীয় কৰিবৰ কাৰণে সেই ঠাইৰ নাম জেম্‌ছেদপুৰ ৰাখিলে। তেতিয়াৰ পৰা ছাকূচী জেম্‌ছেদপুৰ নামে জনাজাত হ’ল। টাটানগৰ ষ্টেচনত নামি মটৰত উঠি এই ঠাইলৈ যাব লাগে।