সমললৈ যাওক

পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
জেম্‌ছেদজী টাটা।

পুতেক দুজনে বাপেকে আৰম্ভ কৰি এৰি যোৱা কোনো কামৰে প্ৰতি হেলা নকৰি সুন্দৰৰূপে সম্পন্ন কৰি ৰাইজৰ চকুত লগা কৰি তুলিছিল; এই বিলাকেহে আচল পুত্ৰ নামৰ গৰাকী। পিতাকক তেওঁলোকে দেৱতাৰ নিচিনা শ্ৰদ্ধা কৰিছিল। উপযুক্ত পিতাৰ উপযুক্ত পুত্ৰ।

 ১৯০৫ খৃঃ ত কাৰখানাৰ ঘৰ-দুৱাৰ সকলে৷ ঠিক্ ঠাক হল। ১৯০৭ খৃঃৰ পৰা কাম আৰম্ভ হ’ল। কাম অপাৰ, কিন্তু কোনেও হতি যোৱা নাই। ঘৰ বান্ধোঁতাই ঘৰ বান্ধিয়ে আছে, কাম কৰোঁতাই কাম কৰিয়েই আছে, তাৰ ইয়ত্তা নাই। কাৰখানা দিনে দিনে ডাঙ্গৰ হৈ যাব ধৰিলে। কিন্তু সেই দিনৰ কাৰখান৷ আৰু আজিৰ কাৰখানা স্বৰ্গ-মৰ্ত্ত প্ৰভেদ; এতিয়ালৈকে কাৰখানাৰ সকলো ৰকম কাম-কাজ শেষ হোৱা নাই। কি বিৰাট কাণ্ড!

 আজিকালি ছাক্‌চী এখন ডাঙ্গৰ নগৰ হৈ পৰিছে। কেই বছৰমান আগেয়ে যি ঠাই হাবি-বননিৰে ভৰপূৰ আছিল, য’ত অসংখ্য বাঘ ভালুকৰ নিবাস ভূমি আছিল, যি ঠাইত কেৱল কেই ঘৰমান আদিমবাসী চাওতলেহে বাস কৰিছিল, সেই ঠাই আজি ৪০।৫০ হেজাৰ মানুহৰ সুখৰ বসতি স্থান। তাত আজি অসংখ্য সুন্দৰ সুন্দৰ অট্টালিকা আৰু ঘৰ-বাৰী বিদ্যমান। সঁচাকৈয়ে এই চহৰখন চাবলগীয়া হৈ পৰিছে। ভাৰতৰ বাহিৰেও চীন, জাপান, আমেৰিকা প্ৰভৃতিৰ মানুহে এই নগৰ চাবলৈ আহে। বাস্তবিক এই নগৰৰ প্ৰাকৃতিক দৃশ্য অতি বিতোপন। উৰিষ্যা .