টাটা কোম্পানী ভাৰত বিখ্যাত। লোৰ কাৰখানাই টাটাৰ অক্ষয়-কীৰ্ত্তি ৰাখিছে আৰু সভ্য জগতত ভাৰতবৰ্ষৰ গৌৰৱ বঢ়াইছে। আমাৰ দেশত প্ৰাচীন কালৰপৰা লোৰ ব্যৱহাৰ দেখা যায়। কিন্তু বৰ্তমান বৈজ্ঞানিক প্ৰণালীত লোহা প্ৰস্তুত কৰা প্ৰথা নাছিল; আছিল যদিও কাল ক্ৰমে সি একেবাৰে লুপ্ত হৈছিল।
বৰ্তমান প্ৰণালীত লোহা প্ৰস্তুত কৰিবলৈ টাটাৰ বহুত দিনৰ পৰাই অভিলাষ আছিল। মানুহে ঘুনুক-ঘানাককৈ কোৱা গোৱা কৰাত টাটাই শুনিবলৈ পালে যে আমাৰে দেশত ভাল লো পোৱা নাযায়; সেই কাৰণে ইয়াত ভাল লোৰ কাৰখানা খোলা টান। টাটাই কিছুমান ভূ-তত্ত্ববিদ পণ্ডিতক বেতন দি তেওঁলোকৰ সহায়ত পৰীক্ষা কৰি কেবা ঠাইতো লোৰ খনি আৰু লোৰ পাহাৰ থকা অনুসন্ধান পালে; প্ৰায় ত্ৰিশ বছৰ অনুসন্ধান কৰি মধ্য প্ৰদেশত ছাক্চী নামে এডোখৰ বেচ উপযুক্ত ঠাই পালে। এই ঠাই ডোখৰ হাৱড়া ষ্টেচনৰ পৰা ১৫৫ মাইল দূৰৈত থকা কালিমাটি ষ্টেচনৰ ওচৰত। কালিমাটি ষ্টেচনৰ বৰ্ত্তমান নাম টাটা নগৰ। টাটানগৰ ষ্টেচনত নামি প্ৰায় দুমাইল মান বাট গ’লে ছাক্চী পোৱা যায়।
এই ছাক্চীতেই লোৰ কাৰখান৷ বহুৱাবলৈ ঠিক কৰিলে। কিন্তু দুখৰ বিষয় যে টাটাই এই অতি মৰমৰ বস্তুটো নিজ চকুৰে চাবলৈ নাপালে। ১৯০৪ খৃষ্টাব্দত তেওঁ ঢুকায়; তেতিয়া লোহাৰ কাৰখানা আৰম্ভ হোৱা নাছিল। কিন্তু তেওঁৰ সুগুণী