বছৰত ৮ হেজাৰ টকা আয় হোৱা এটা সম্পত্তি জমা কৰি থলে।
যি বস্তুৰ কাৰণে টাটাই ইমান কষ্ট স্বীকাৰ কৰিলে, বৰ দুখৰ বিষয় তেওঁ সেই বস্তু চকুৰে দেখিবলৈ নাপালে। তেওঁৰ পুতেকে বাপেকৰ সেই মৰমৰ বস্তুটো সৰ্ব্বাঙ্গ সুন্দৰ কৰি তুলিছিল। লৰ্ড হাৰ্ডিঞ্জে ইয়াৰ উন্নতিৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিল। ভাৰত হিতাকাঙ্খী সেই সকল মহাত্মাৰ ওচৰত ভাৰত চিৰ দিন কৃতজ্ঞ।
১৯১০খৃঃত এই বিজ্ঞানাগাৰ খোলা হয়। ইয়াৰ নাম “দি ইণ্ডিয়ান ইন্ষ্টিটিউট অব্ ৰিচাৰ্চ ” অৰ্থাৎ ভাৰতীয় গবেষণা সমাজ। ইয়াৰ অধ্যক্ষৰ নাম মিঃট্ৰেভাৰ্ছ, এওঁ এজন বিখ্যাত বৈজ্ঞানিক পণ্ডিত। ইয়াত তলত লিখা বিষয় বিলাক শিক্ষা দিয়া হয়।
(১) বিজ্ঞান আৰু শিল্প।
(২) আয়ুৰ্ব্বেদ বা আধুনিক ডাক্তৰি শিক্ষা।
(৩) দৰ্শন শিক্ষা।
ইয়াৰ লগতে পুস্তকাগাৰ, যাদু-ঘৰ আৰু বৈজ্ঞানিক ঘৰ আছে। ইয়াৰ যিবিলাক বাধা-বিঘিনি আছিল সকলো বিলাকই লাহে লাহে দূৰ হব ধৰিলে। এই বিজ্ঞান মন্দিৰে টাটাৰ নাম অমৰ কৰি ৰাখিছে। কামেই মানুহৰ নাম, কৰ্ম্মহীন জীৱন পশুৰ সমান।
টাটাৰ অন্যান্য কীৰ্ত্তি কলাপৰ বিষয়ে সকলো মানুহে নাজানিব পাৰে; কিন্তু তেওঁৰ কাৰখানাৰ কথা সকলোৱে জানে।